অসমত প্ৰথমজন ক’ৰণা আক্ৰান্ত ৰোগী চিনাক্ত, কি ক’ লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই
নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ অসমত ধৰা পৰিল ক’ৰণা আক্ৰান্ত প্ৰথমজন ৰোগী। কিন্তু ক’ৰণা ভাইৰাছৰ সৈতে যুঁজিবলৈ যুদ্ধংদেহী প্ৰস্তুতিৰে সাজু হৈ আছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আক্ৰান্ত ৰোগীজনৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱাৰাণ্টাইনত ৰখা হৈছে। এই ক্ষেত্ৰত আমি বেছি শংকিত হোৱাৰ প্ৰয়োজন নাই। আক্ৰান্ত ৰোগীজন বৰ্তমান সুস্থ। যোৱা ১৮ মাৰ্চত লোকজন আক্ৰান্ত হৈছে আৰু দুই এদিনতে লোকজন সুস্থ হৈ উঠিব।
সকলো ৰাইজকে লক ডাউন মানিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ। চিকিৎসাৰ ক্ষেত্ৰত বৰ্তমান আমি বহুখিনি আগবাঢ়ি আছো। ঔষধকে ধৰি মাক্স সকলোখিনি আমাৰ মজুত আছে। সকলো চিকিৎসক, নাৰ্চ এই ক্ষেত্ৰত সজাগ হৈ আছে। নিজামুদ্দিনৰ পৰা অহা লোকসকলৰ পৰীক্ষা কৰি থকা হৈছে। লখিমপুৰত ক’ৰণা আক্ৰান্তৰ বাবে নিৰ্মাণ হ’বলগীয়া হাস্পতাল পৰ্যবেক্ষণ কৰি এই মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।