নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গার্গক ভাৰতৰত্ন দিয়াৰ বাবে কংগ্রেছৰ দাবী ছিপ পাব্লিচিটী

জুবিনৰ মৃত্যুৰ তদন্তৰ চার্জশ্বীটৰ পিছতেই প্রকাশ পাব গৌৰৱ গগৈৰ এছআইটিৰ প্রতিবেদন

জুবিন গার্গক দেশৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্রদানৰ বাবে গৌৰৱ গগৈয়ে সংসদত তোলা দাবীক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়– তেওঁলোকে যিমান কেজুৱেলী কথাটো কৈ আছে, সিমান কেজুৱেলী ভাৰতৰত্ন নহয়৷ ভাৰতৰত্নৰ কাৰণে জুবিনৰ বিষয়ে ডকুমেণ্টেচন কৰি বিধানসভাত সুন্দৰকৈ প্রস্তাৱ লৈ আমি প্রেৰণ কৰিব লাগিব৷

সেই কাৰণে মই সদ্যসমাপ্ত বিধানসভা অধিৱেশনতো কৈছোঁ যে শাসক–বিৰোধীয়ে সকলোৱে মিলি আমি এটা প্রস্তাৱ ধুনীয়াকৈ পাৰিৎ কৰিব লাগিব৷ এই প্রস্তাৱত জুবিনৰ কীর্তিৰ কথা লিখা থাকিব, শিল্পৰ কথা লিখা থাকিব৷

কিন্তু ডেৰ মিনিটৰ ভাষণত জুবিনক ভাৰতৰত্ন প্রদানৰ কথা কৈছে৷ ডেৰ মিনিট ভাষণত বিষয়টো কোনে বুজিব পাৰে? কেৰালা, মধ্যপ্রদেশৰ সাংসদসকলে জুবিনৰ বিষয়ে কিদৰে বুজিব? ভাৰতৰত্ন প্রদানৰ বিষয়টো ছিৰিয়াছ বিষয়৷ নির্বাচনত ভোট ল’বলৈ এইবোৰ কথা ক’ব নালাগে৷ গুৰুত্বপূর্ণভাৱেই বিষয়টো পর্যালোচনা কৰিব লাগে৷ আমি ছিৰিয়াছলি এই কামটো কৰিম৷

ডেৰ মিনিটৰ ভাষণ দি সংবাদ মাধ্যমক জনাব খোজা নাই৷ কাইলৈ যদি জুবিন গার্গে ভাৰতৰত্ন পায়, তেন্তে তেওঁ ক’ব– মই সংসদত কোৱা বাবেহে ভাৰতৰত্ন পালোঁ৷ যেনেকৈ এতিয়া নুমলীগড় শোধনাগাৰে নৱৰত্ন মর্যাদা লাভ কৰাৰ পাছত তেওঁ ক’ব বিচাৰে যে প্রধানমন্ত্রীয়ে এই মর্যাদা প্রদান কৰা নাই, তেওঁ সংসদত বক্তব্য প্রদান কৰাৰ বাবেহে এই মর্যাদা পালে৷

এইবিলাক ছিপ পাব্লিচিটী৷ মই ভাবোঁ জুবিনক লৈ ছিপ পাব্লিচিটী কৰিব নালাগে৷ মই ভাবোঁ সংসদত জুবিনৰ বিষয়ে শাসক–বিৰোধী সকলো এক হৈ আলোচনা কৰিব লাগে৷

ইফালে অসমলৈ বৃন্দাবনী বস্ত্র অনাৰ বাবে ৰাজ্য চৰকাৰে লোৱা প্রচেষ্টাক প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈয়ে কৰা সমালোচনাৰো প্রত্যুত্তৰ দিলে মুখ্যমন্ত্রী ড০ শর্মাই৷ মুখ্যমন্ত্রীয়ে কয়– বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ বিৰোধিতা কৰি গৌৰৱ গগৈয়ে পুনৰ প্রমাণ কৰি দিলে যে তেওঁ এগৰাকী পাকিস্তানী এজেণ্ট৷ গৌৰৱ গগৈয়ে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱকো সন্মান নকৰে, বৃন্দাবনী বস্ত্রকো সন্মান নকৰে৷

তেওঁ বুজাই দিলে যে তেওঁ এগৰাকী পাকিস্তানী এজেণ্ট৷ যোৱা চাৰি মাহ ধৰি তেওঁ স্বীকাৰ কৰিলে যে তেওঁৰ সন্তান ব্রিটিছ৷ আজিলৈকে তেওঁ সন্তানৰ নাগৰিকত্ব সলনি নকৰিলে৷ তেওঁ ক’ব বিচাৰিছিল যে ক’ভিডৰ বাবে তেওঁৰ সন্তানক ব্রিটিছ নাগৰিকত্ব দিলে৷ কিন্তু আমি বিষয়টো উত্থাপনৰ পাছত চাৰি মাহ উকলি গ’ল৷

আজিলৈ সন্তানক ভাৰতীয় নকৰিলে৷ মুখ্যমন্ত্রীয়ে শেহতীয়াকৈ বিজেপি–এআইইউডিএফৰ মিত্রতা হোৱা বুলি কংগ্রেছে কৰা সমালোচনাৰ প্রত্যুত্তৰ দি কয়– আমাক সেইবোৰ কৈ লাভ নাই৷ অসমৰ মানুহে আমাক জানে৷ আমি মিঞাক কি কৰি আছোঁ, সেয়া মানুহে দেখা পাই আছে৷ এআইইউডিএফৰ ঘৰো উচ্ছেদ হৈছে৷

গৌৰৱ গগৈ বা কংগ্রেছে নিজে মিঞাক ভাল পায় নে বেয়া পায়, সেইটোহে কথা৷ তেওঁলোকে উচ্ছেদিত মিঞাক ভূমি প্রদান কৰিব বুলি কৈছেনে নাই, উচ্ছেদিত মিঞাক ক্ষতিপূৰণ দিম বুলি তেওঁলোকে কৈছেনে নাই, মিঞাক সাবটি ধৰিছে কোনে, কান্দে কোনে?

অখিল গগৈ আৰু কংগ্রেছ দলে৷ আমাক এইবিলাক কথা কৈ লাভ নাই৷ মানুহে বুজি পায়৷ বিজেপি বহুত আগত ওলাই গ’ল৷ এতিয়া বিজেপিক ধৰিব পৰা অৱস্থাত নাই৷ কেইদিনমান ৰাতি ভালকৈ গৌৰৱ গগৈ শুৱক৷ জুবিন গার্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা দাখিলৰ পিছতেই তেওঁৰ এছআইটিৰ প্রতিবেদন প্রকাশ পাব৷

ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ

You might also like