নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৭ ডিচেম্বৰ : বাইক চোৰৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে জোৰদাৰ অভিযান | নগৰবেৰা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ পৰা চুৰি হোৱা ৫খনকৈ বাইক বাংলাদেশ সীমান্তৰ পৰা উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুজনকৈ কুখ্যাত বাইক চোৰক।
যোৱানিশা নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি দত্তৰ নেতৃত্বত যোৱা এটা দলে বাংলাদেশ সীমান্তৱৰ্তী মেঘালয়ৰ ছিজু অঞ্চলৰ পৰা এক অভিযান চলাই ৫খনকৈ চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে দুজন লোকক | ধৃত চোৰ দুজন মেঘালয়ৰ ছমাৰ জি এ চাংমা আৰু গোৱালপাৰা ৰংজুলিৰ খেৰোপাৰাৰ আমিৰ আলী বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা বাইক ৫খনৰ এখন ৰয়েল এনফিল্ড আৰু চাৰিখন পালছাৰ। এই বাইক চোৰৰ বৃহৎ গেঙৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে।