নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাগাছিত এছআইআৰৰ আতংক, ভোটাধিকাৰ থাকিবনে যৌনকর্মীৰ

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : বিশেষ ব্যাপক পুনৰীক্ষণ (এছআইআৰ)ৰ প্রৱর্তনৰ পিছতে কলকাতাৰ ৰেডলাইট এলেকা সোণাগাছিত আতংকৰ সৃষ্টি হৈছে৷ ৰেডলাইট এলেকা সোণাগাছিত দেহোপজীৱিনী হিচাপে কাম কৰা মহিলাসকলৰ বেছিভাগৰে নাই পূর্বপুৰুষৰ পৰিচয়৷ ইয়াৰ পিছতেই যৌনকর্মী আৰু তেওঁলোকৰ সন্তানৰ হৈ কাম কৰা স্বেচ্ছাসেৱী সংগঠন ‘দৰবাৰ’–এ আয়োগলৈ পত্র লিখি এই ভয়াৱহ সমস্যাৰ বিষয়ে অৱগত কৰিছে৷

আয়োগে ইয়াৰ পিছতে যৌনকর্মীৰ নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ৯ ডিচেম্বৰত সোণাগাছিত এক বিশেষ শিবিৰৰ আয়োজন কৰে৷ ‘দৰবাৰ’ৰ সভানেত্রী বিশাখা লস্কৰে কয়– ইতিমধ্যে নির্বাচন আয়োগৰ সৈতে কথা পতা হৈছে আৰু এইসকল কর্মীৰ বাবে শিবিৰ আয়োজন কৰাৰ আশ্বাস দিছে৷

তেওঁ লগতে কয়– ২০০২ চনত প্রথমবাৰৰ বাবে ‘দৰবাৰ’ৰ উদ্যোগত সোণাগাছিৰ যৌনকর্মীয়ে ভোটদান কৰিছিল৷ ইয়াৰে কিছুমানৰ নাম ভোটাৰ তালিকাত আছে যদিও বহুতৰে নাই৷ ঘৰৰ পৰা ওলাই যোৱা মহিলাই যিহেতু পিতৃ–মাতৃৰ নথি–পত্র সংগ্রহ কৰাটো অসম্ভৱ, সেয়েহে সকলো যৌনকর্মীৰ নাম এছআইআৰত অন্তর্ভুক্ত কৰাৰ বাবে দাবী জনায় সভানেত্রীগৰাকীয়ে৷

You might also like