নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঙাৰ খংৰাত গ্ৰন্থ-বাণিজ্য মেলা আৰম্ভ

সাংস্কৃতিক শোভাযাত্ৰাত বিধায়ক আশ্ৰাফুল হুছেইনৰ অংশগ্ৰহণ 

বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত খংৰাত জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত আজিৰেপৰা অনুষ্ঠিত হৈছে পঞ্চম খংৰা গ্ৰন্থ আৰু বাণিজ্য মেলা। খংৰা নৱশক্তি যুৱ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছে এইবেলি সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলা।

সাহিত্যানুৰাগীৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু নৱপ্ৰজন্মৰ ল’ৰা-ছোৱালীৰ শাৰীৰিক-মানসিক আৰু বৌদ্ধিক দিশ তৰান্বিত কৰা, নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ সংস্কৃতি গঢ়ি তোলা, বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচীত অংশগ্ৰহণৰ মন-মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হৈছে পঞ্চম খংৰা গ্ৰন্থ আৰু বাণিজ্য মেলা। পতাকা উত্তোলনেৰে আৰম্ভ হয় গ্ৰন্থ আৰু বাণিজ্য মেলাৰ কাৰ্যসূচী।

কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে খংৰা নৱশক্তি যুৱ ক্লাবৰ সভাপতি চুলতান জয়নুৰ ৰহমানে। ইয়াৰ পাছতেই কেইবাগৰাকীও বিশিষ্ট লোকে গছপুলি ৰোপণ কৰে। পঞ্চম খংৰা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ মুখ্য দ্বাৰ মুকলি কৰে কুকাৰপাৰ হাইস্কুলৰ শিক্ষক আব্দুল লতিফে। ইয়াৰ পাছতেই অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা।

সাংস্কৃতিক শোভাযাত্ৰাত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে গ্ৰন্থ আৰু বাণিজ্য মেলা পৰিচালনা সমিতিৰ উপ সভাপতি ৰফিকুল ইছলামে।

সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে চেঙা বিধানসভা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, হৰিপুৰ জিলা পৰিষদৰ সদস্য হাইদৰ আলী আহমেদ, বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সদস্য বাবুল আলী, গোমাফুলবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বণশ্ৰী শইকীয়া, বৰমাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী আমিনা খাতুনকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক।

স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি কয় যে- “বৃহত্তৰ অঞ্চলটোৰ শৈক্ষিক, সাংস্কৃতিক, সামাজিক, বৌদ্ধিক, অৰ্থনৈতিক দিশত পৰিবৰ্তনৰ নিমিত্তে এই কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। স্থানীয় বিধায়ক হিচাপে মই এই গ্ৰন্থ আৰু বাণিজ্য মেলাত সম্পৃক্ত হৈ আহিছোঁ।”

১৯ নং হৰিপুৰ জিলা পৰিষদৰ সদস্য হাইদৰ আলী আহমেদে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি ৰাইজৰ স্বতঃস্ফুৰ্ত সঁহাৰি দেখি অভিভূত হৈ পৰা বুলি উল্লেখ কৰে। কিতাপৰ পৰাহে আমি জ্ঞান অৰ্জন কৰিব পাৰোঁ বুলি কৈ গ্ৰন্থ আৰু বাণিজ্য মেলালৈ অহা প্ৰতিগৰাকী লোককে এখনকৈ হ’লেও গ্ৰন্থ ক্ৰয় কৰিবলৈ আহ্বান জনায় হাইদৰ আলী আহমেদে।

অহা ১৫ ডিচেম্বৰলৈ চলিবলগীয়া পঞ্চম খংৰা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ প্ৰতিটো কাৰ্যসূচী সফল কৰি তুলিবলৈ ৰাইজলৈ আহ্বান জনাইছে পঞ্চম খংৰা গ্ৰন্থ আৰু বাণিজ্য মেলা পৰিচালনা সমিতিৰ সভাপতি ফেদ্দুছ আলীয়ে।

নিয়মীয়া বাৰ্তা, দৌলাশাল, ৯ ডিচেম্বৰ

You might also like