নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বদৰবাৰত জিলিকিল অসম কন্যা… আঁজুৰিলে ৰূপৰ পদক

অতি দৰিদ্ৰ পৰিয়ালৰ মৃগাকৃষ্ণাক লৈ গৌৰৱত উথলি উঠিছে পিতৃ, মাতৃ, ভগ্নী, পৰিয়াল আৰু গোলাঘাট জিলাবাসী

ক্ৰীড়াৰ জৰিয়তে পুনৰ বিশ্বদৰবাৰত জিলিকিল এগৰাকী অসম কন্যা। এইবাৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক আঁজুৰি আনিলে অসম কন্যাই।

থাইলেণ্ডত অনুষ্ঠিত কন্টিনেণ্টেল মহিলা, যুৱ আৰু জুনিয়ৰ-২০২৫ চেম্পিয়নশ্বিপত ভাৰতীয় হেণ্ডবল দলক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ খুমটাই সমষ্টিৰ যোগীবাৰী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা মৃগাকৃষ্ণা কোঁৱৰৰ।

চীন, টাইপেই, মালয়েছিয়া আৰু থাইলেণ্ডক পৰাস্ত কৰি উজবেকিস্তানৰ সৈতে চূড়ান্ত খেলত সদম্ভ খোজ দিলে অসমকন্যাই। অতি দৰিদ্ৰ পৰিয়ালৰ মৃগাকৃষ্ণাক লৈ গৌৰৱত উথলি উঠিছে পিতৃ, মাতৃ, ভগ্নী, পৰিয়াল আৰু গোলাঘাট জিলাবাসী।

মৃগাকৃষ্ণাৰ পিতৃ পেছাত এগৰাকী গাড়ী চালক। যথেষ্ট কষ্ট স্বীকাৰ কৰি জীয়ৰীক গঢ়িছে খেলুৱৈ হিচাপে। মৃগাকৃষ্ণাৰ লক্ষ্য অলিম্পিকৰ জয়ৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাইজৰ সহায় বিচাৰিছে খেলুৱৈগৰাকীয়ে।

ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ

লগতে এইটোও পঢ়ক — খানাপাৰাত মেলন উন্মাদনা, জুবিন গার্গক কিংবদন্তি আখ্যা মেলনৰ

You might also like