নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ এপ্ৰিললৈ স্পৰ্শকাতৰ হৈ থাকিব অসম

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ দিল্লীৰ হজৰত নিজামুদ্দিন তবলিগী জামাতৰ ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। উক্ত তবলিগী জামাতৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা একাংশৰ শৰীৰত ক’ ভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ লগতে সেই অনুষ্ঠানত অসমৰ কেইবাশ লোকে অংশ লোৱাৰ তথ্যই ৰাজ্যজুৰি আতংকৰ সৃষ্টি কৰিছে। আনকি সেই ধৰ্মীয় অনুষ্ঠানত অংশ লোৱা অসমৰ একাংশই ইতিমধ্যে কোনোধৰণৰ শাৰিৰীক পৰীক্ষা অবিহনে নিজ নিজ গৃহত উপস্থিত হৈ সাধাৰণ জীৱন যাপন কৰা ঘটনাই ৰাইজক অধিক শংকিত কৰি তুলিছে। মন কৰিবলগীয়া যে বহিঃৰাজ্যত কৰ্মৰত যিসকল লোক যোৱা ১৬ মাৰ্চত অসমত উপস্থিত হয় তেওঁলোকে ১৪ দিনীয়া কোৱাৰেণ্টাইন সময় অতিক্ৰম কৰিলে। তেওঁলোকৰ কোনো এজনৰ দেহত ক’ ভিড-১৯ৰ উপস্থিতি ধৰা পৰা নাই। ৰাজ্যখনৰ বাবে প্ৰথম পৰ্যায়ত এয়া সুখবৰ। বহিঃৰাজ্যৰ পৰা যোৱা ২৫ মাৰ্চত অন্তিমটো পৰ্যায়ত অসমলৈ অহা লোকসকলৰ ১৪ দিনীয়া কোৱাৰেণ্টাইন সময় অহা ৯ এপ্ৰিলত উকলিব। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসমৰ জনসাধাৰণে অহা ৯ এপ্ৰিলৰ ভিতৰত কোনো এজনৰ শৰীৰত ক’ ভিড-১৯ৰ উপস্থিতি ধৰা নপৰিলে অসমৰ ৰক্ষা পৰিব বুলি আশা কৰা হৈছিল। পিছে স্বাস্থ্যমন্ত্ৰী, স্বাস্থ্য বিভাগ আৰু অসমৰ জনসাধাৰণৰ সেই আশাক আশংকাত পৰিণত কৰিলে দিল্লীৰ হজৰত নিজামুদ্দিনৰ তবলিগী নামাজত অংশ লৈ অসমলৈ উভটি আহি প্ৰশাসন-স্বাস্থ্য বিভাগৰ অজ্ঞাতে সাধাৰণ জীৱন-যাপন কৰি থকা লোকসকলে। স্বাস্থ্য বিভাগে জানিব দিয়া মতে তেনেদৰে উভটি অহাসকলক চিনাক্তকৰণৰ কাম প্ৰশাসনে আৰম্ভ কৰিছে। আটাইকে চিনাক্ত কৰি চৰকাৰী কোৱাৰেণ্টাইন শিৱিৰলৈ অনাৰ ব্যৱস্থা কৰা হ’ব। এনে অৱস্থাত সেইসকল লোকৰ কোৱাৰেণ্টাইনৰ সময় অহা ১৪ এপ্ৰিল পৰ্যন্ত থাকিব। ফলত অসমৰ পৰিস্থিতি কিমান নিৰাপদ তাৰ বাবে অহা ১৪ এপ্ৰিল পৰ্যন্ত থাকিব। ফলত অসমৰ পৰিস্থিতি কিমান নিৰাপদ তাৰ বাবে অহা ১৪ এপ্ৰিল পৰ্যন্ত হ’ব লাগিব। ১৪ এপ্ৰিল পৰ্যন্ত অসম স্পৰ্শকাতৰ হৈয়ে থাকিব। ইপিনে যোৱা ১৬ মাৰ্চৰ পৰা বহিঃৰাজ্যৰ পৰা অসমলৈ অহা প্ৰতিজন লোকৰ ক্ষেত্ৰত চৰকাৰে স্বাস্থ্যপৰীক্ষাৰ ব্যৱস্থা কৰে। বিমানৰ উপৰি ৰে’ল, বাছযোগে অহা প্ৰতিজন লোকৰেই শৰীৰ পৰীক্ষাৰ কামত স্বাস্থ্য বিভাগ নিয়োজিত হয়। কিন্তু দিল্লীৰ নিজামুদ্দিন তবলিগী জামাতৰ ধৰ্মীয় অনুষ্ঠানত অংশ লৈ চৰকাৰ-প্ৰশাসনৰ অজ্ঞাতে যোৱা ২২ মাৰ্চতে মৰিগাওঁ, মেৰাপানীলৈ ৰে’লযোগে কেনেদৰে কিছুলোক উপস্থিত হৈ সাধাৰণ জীৱন-যাপন কৰি থাকিব পাৰিলে তাকলৈ ৰহস্যৰ সৃষ্টি হৈছে। সেইসকল ব্যক্তিৰ শৰীৰত ক’ ভিড-১৯ৰ উপস্থিতি থাকক বা নাথাকক সেয়া আন এক বিষয়। কিন্তু তেওঁলোক অহাৰ তথ্য প্ৰশাসনৰ হাতত যোৱা এটা সপ্তাহৰ অধিক দিন অতিক্ৰম হোৱাৰ পিছতো পৰ্যাপ্ত নোহোৱাটোৱে অধিক উদ্বেগৰ সৃষ্টি কৰিছে। এনে অৱস্থাত বিগত দিন সমূহত বিভিন্ন মহলে প্ৰকাশ কৰি অহাৰ দৰে বহিঃৰাজ্যত কৰ্মৰত একাংশ লোকে যে চৰকাৰ-প্ৰশাসনৰ অজ্ঞাতে নিজ নিজ গৃহত অৱস্থান কৰি সাধাৰণ জীৱন-যাপন কৰি আহিছে তাৰ সত্যতাকেই প্ৰতিপন্ন কৰিছে।

You might also like