ভাৰতৰ UPIলৈ বিশ্বৰ সর্ববৃহৎ ৰিয়েল টাইম পেমেণ্ট ছিষ্টেমৰ স্বীকৃতি
বর্তমান সময়ত বিশ্বৰ আটাইতকৈ বৃহৎ ৰিয়েল টাইম পেমেণ্ট ছিষ্টেম হ’ল ভাৰতৰ ইউপিআই৷ সংসদত এই তথ্য প্রকাশ কৰিছে কেন্দ্রীয় চৰকাৰে
ডিজিটেল পেমেণ্টৰ ক্ষেত্রত সমগ্র বিশ্বতে বিয়পি পৰিছে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (UPI)৷ ভাৰতত তৈয়াৰ কৰা এই অভিনৱ প্রযুক্তিটো সম্প্রতি ব্যৱহাৰ কৰিছে বিশ্বৰ বহু দেশে৷
এই UPIকে এইবাৰ স্বীকৃতি দিলে ইণ্টাৰনেচনেল মানিটাৰী ফাণ্ডে (আইএমএফ)৷ এই আন্তঃৰাষ্ট্রীয় সংস্থাটোৱে স্বীকাৰ কৰিছে যে বর্তমান সময়ত বিশ্বৰ আটাইতকৈ বৃহৎ ৰিয়েল টাইম পেমেণ্ট ছিষ্টেম হ’ল ভাৰতৰ ইউপিআই৷ সংসদত এই তথ্য প্রকাশ কৰিছে কেন্দ্রীয় চৰকাৰে৷
কেন্দ্রীয় বিত্ত ৰাজ্যমন্ত্রী পংকজ চৌধুৰীয়ে লোকসভাত জনায় যে আইএমএফৰ ৰিপ’ৰ্ট অনুসৰি এই মুহূর্তত ইউপিআই হ’ল বিশ্বৰ সবাতোকৈ বেছি ৰিয়েল টাইম লেনদেনকাৰী ছিষ্টেম৷ চলিত বর্ষৰ যোৱা জুন মাহৰ ৰিপ’টৰ ভিত্তিত এই স্বীকৃতি প্রদান কৰিছে আইএমএফে৷
সমান্তৰালভাৱে এচিআই ৱর্ল্ডৱাইডৰ ২০২৪ চনৰ প্রতিবেদনত ১২৯.৩ বিলিয়ন লেনদেন আৰু ৪৯ শতাংশ গোলকীয় বজাৰ শ্বেয়াৰৰ সৈতে ইউপিআইক সমগ্র বিশ্বৰ ভিতৰতে শীর্ষস্থান দিয়া হৈছে৷ এই তালিকাত ব্রাজিল দ্বিতীয়, থাইলেণ্ড তৃতীয় আৰু চীনক ৰখা হৈছে চতুর্থ স্থানত৷
ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ