লখিমপুৰত দহ সহস্রাধিকৰ কণ্ঠত গুঞ্জৰিত শ্বহীদ প্ৰণামো তোমাক
লখিমপুৰতো শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন, পুষ্পার্ঘ্য, শ্বহীদ পৰিয়ালক সম্বৰ্ধনা আদিৰ লগতে দহ সহস্রাধিক লোকে সমস্বৰে গালে শ্বহীদ প্ৰণামো তোমাক
লখিমপুৰ নগৰৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি দহ সহস্রাধিক লোকৰ কন্ঠত গুঞ্জৰিত হল শ্বহীদ প্ৰণামো তোমাক শীর্ষক গীতটি। আজি অসম চুক্তি ৰূপায়ণ বিভাগৰ উদ্যোগত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিত গুৱাহাটীত শ্বহীদ স্মাৰক ক্ষেত্র উদ্বোধন আৰু শ্বহীদ দিৱস উদযাপন কাৰ্য্য সূচীৰ সমান্তৰাল ভাৱে জিলাই জিলাই শ্বহীদ দিৱস উদযাপন কৰা হয়।
লখিমপুৰতো শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন, পুষ্পার্ঘ্য, শ্বহীদ পৰিয়ালক সম্বৰ্ধনা আদিৰ লগতে দহ সহস্রাধিক লোকে সমস্বৰে গালে শ্বহীদ প্ৰণামো তোমাক। লখিমপুৰ নগৰৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই কাৰ্য্য সূচীত বন্তি প্ৰজ্বলন, পুষ্পার্ঘ্য, শ্বহীদ পৰিয়ালক সম্বৰ্ধনা আদি কাৰ্য্য সূচীত অংশগ্রহণ কৰে প্ৰাক্তন মন্ত্রী উৎপল দত্ত, বিধায়ক মানৱ ডেকা, জিলা আয়ুক্ত প্ৰণৱ জিৎ কাকতি, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আদিয়ে। উল্লেখ্য গুৱাহাটীত কেন্দ্রীয় ভাৱে অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ কাৰ্য্য সূচী এই অনুষ্ঠানত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়।
কাৰ্য্য সূচীত অংশগ্রহণ কৰি বিধায়ক মানৱ ডেকাই কয়- ঐতিহাসিক অসম চুক্তিৰ ৪০ বছৰৰ পাছত শ্বহীদ স্মাৰক ক্ষেত্র স্হাপন কৰা হৈছে। এই দিনটোত লখিমপুৰৰ ৩৬ টা শ্বহীদ পৰিয়ালৰ একাংশক গুৱাহাটীত আৰু আন একাংশ পৰিয়ালক লখিমপুৰত সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। শ্বহীদ সকলৰ ত্যাগৰ বিনিময়ত অসমীয়া জাতিৰ অস্তিত্ব বৰ্তি আছে। আজিৰ দিনটোত আমি কলা কৃষ্টি সংস্কৃতি ৰক্ষা কৰি অসমীয়া জাতিক আগুৱাই লৈ যোৱাৰ পণ লৈছো।উল্লেখ্য এই কাৰ্য্য সূচী সমুহত যুৱ আয়োগৰ সদস্য ৰিষিৰাজ হাজৰিকা,বিজেপিৰ জিলা সভাপতি শ্যামল শৰ্মা,পৌৰপতি কৃষ্ণা ধৰ সেন, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সমীৰণ কোৱৰ সহ সহস্রাধিক লোকে অংশগ্রহণ কৰে।
বিশেষ বাৰ্তা লখিমপুৰ ১০ ডিচেম্বৰ