নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানো আহক গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰৰ সবিশেষ

আজি ১০ ডিচেম্বৰ—অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানৰ দিন। ১৯৭৯ চনৰ এই দিনটোতেই তেওঁ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্রামে প্ৰাণ আহুতি দিছিল। সেইদিনৰে পৰাই অসমৰ জনগণে ১০ ডিচেম্বৰৰ দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে।

এই পবিত্ৰ দিনটো উপলক্ষে আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মিত ভৱ্য শ্বহীদ স্মাৰক ক্ষেত্ৰ জনসাধাৰণৰ বাবে মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে স্মাৰক ক্ষেত্ৰখন উদ্বোধন কৰে। উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী, আছু নেতৃত্ব আৰু বহু বিশিষ্ট ব্যক্তিত্ব।

১১৭ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰখন অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদৰ প্ৰতি উৎসৰ্গিত। ইয়াত প্ৰায় ৪০০ৰো অধিক শ্বহীদৰ আবক্ষ মূৰ্তি স্থাপন কৰা হৈছে। যিসকলৰ ফটো পোৱা নহ’ল, তেওঁলোকৰ নামফলক সংৰক্ষণ কৰা হৈছে। ক্ষেত্ৰখনত নিৰ্মাণ কৰা হৈছে ১৩ মহলীয়া সুউচ্চ স্মাৰক, যিটো স্মৃতিৰ চিহ্ন হিচাপে দৃষ্টিনন্দন। স্মাৰকটোৰ ভিতৰত আছে অসম আন্দোলনৰ স্মৃতিৰে সমৃদ্ধ গেলাৰী, বাতৰিকাকতৰ প্ৰবন্ধ, আলোকচিত্ৰ, আবক্ষ মূৰ্তি আৰু অন্যান্য দুৰ্লভ নথিপত্ৰ।

স্মাৰক ক্ষেত্ৰখনৰ আকর্ষণীয় বৈশিষ্ট্যসমূহ হল- দুয়োকাষে বৃহৎ পুখুৰীসহ সুদৃশ্য প্ৰৱেশ পথ, লাইট আৰু ছাউণ্ড শ্ব’ৰ সুবিধা, চাইক্লিং ট্ৰেক, প্ৰেক্ষাগৃহ, যোগাসন কেন্দ্ৰ, ফুড ক’ৰ্ট, মুকলি থিয়েটাৰ, পুথিভঁৰাল আৰু প্ৰেক্ষাগৃহ, সম্পূৰ্ণ ক্ষেত্ৰখন চোৱাৰ বাবে লিফ্টৰ সুবিধা।

স্মাৰক ক্ষেত্ৰখনৰ মাজত স্থাপন কৰা হৈছে শ্বহীদ প্ৰণাম জ্যোতি, যিটো সদায় প্ৰজ্বলিত হৈ থাকিব। মঙলবাৰে মুখ্যমন্ত্ৰীয়ে এই অক্ষয় জ্যোতি প্ৰজ্বলন কৰে।

২০২০ চনৰ শ্বহীদ দিৱসত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিছিল। আজি সেই পৰিকল্পনা সাৰ্থক হ’ল। স্মাৰকৰ নিৰ্মাণ ব্যয় ১৮০ কোটি টকা ধাৰ্য কৰা হৈছিল।

ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ

You might also like