নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ অসমত কৰ’ণা আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত হোৱাৰ পিছত আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। কেৱল মহানগৰীৰ হাতীগাঁও অথবা কৰিমগঞ্জৰ বহু লোকৰ সংস্পৰ্শলৈ অহাই নহয়। এখন বিবাহ অনুষ্ঠানটো অংশ লৈছিল কৰ’ণা ভাইৰাছত আক্ৰান্ত ৫২ বছৰীয়া লোকজনে। কাছাৰ কাগজকলৰ নিউ টাউনশ্বিপত এখন বিবাহ অনুষ্ঠানত অংশ লৈছিল লোকজনে। ইতিমধ্যে প্ৰশাসনে উক্ত পৰিয়ালটোক কোৱাৰেণ্টাইন কৰিছে আৰু পৰিয়ালটোৰ সকলো সদস্যসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে। ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ হৈ পৰিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগ
আনহাতে হাইলকান্দি জিলাৰ সকলো সীমান্ত ছীল কৰা হৈছে। সকলো আন্তঃজিলা সীমান্ত ছীল কৰিছে প্ৰশাসনে। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে জিলাখন। হাইলাকান্দি জিলা উপায়ুক্তৰ এই নিৰ্দেশনাক সকলো জনতাই একেমুখে শলাগ লৈছে।