নিয়মীয়া বাৰ্তা, ধুবুৰী, ১২ ডিচেম্বৰ : পখিলা খেদা বয়সৰ পৰা পিতৃ-পৰিয়ালক সকাহ দিবলৈ জীৱন সংগ্ৰামত ব্ৰতী ধুবুৰীৰ এজন মূকবধিৰ যুৱক। নাম ৰাজদীপ সৰকাৰ। ধুবুৰী চহৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ সমীপত এখন সৰু মোগলাই পৰঠাৰ দোকানেৰে বিগত ১৮ বছৰে কষ্টেৰে অৰ্জা ধনেৰে পৰিয়াল চলাই আছে ৰাজদীপ আৰু পিতৃ মাধৱ সৰকাৰে। মোগলাই পৰঠাৰ জুতি লৈ ভালপোৱা ধুবুৰীত সকলোৰে বাবে এই পিতৃ-পুত্ৰ পৰিচিত মাধো-গোপাল নামেৰে।
বৰ্তমানে ২৩ বছৰত ভৰি দিয়া গোপালৰ আছে বহু সপোন; কথা কোৱাৰ-মাত শুনাৰ। সেয়ে যুৱকজনে মোবাইল ফোনত গান লগাই শুনিব বিচাৰে, বুজিবলৈ চেষ্টা কৰে শব্দ-গীতৰ সুৰ, লয়-তাল। কিন্তু, গোপাল জন্মৰে পৰা মূকবধিৰ। কেৱল পিতৃ-পৰিয়াল আৰু বহু বছৰৰ পৰা অঞ্চলটোত থকা দোকানীকেইগৰাকীয়েহে বুজে যুৱকজনে আকাৰে-ইংগিতে অথবা অস্পষ্ট শব্দৰে ক’ব বিচৰা কথা।
নিজৰ বৰপুত্ৰক লৈ মনত এক গোপন বেদনা আছে পিতৃ মাধৱৰ। “নিয়তি, ভগৱানৰ অভিশাপ! কি কৰিম, ঘৰৰ সকলোৱে সুস্থ, কেৱল গোপালহে কিয়বা জন্মৰে পৰা এনে।”- থোকাথুকি মাতেৰে পিতৃৰ ভাষ্য। “দুখীয়া মানুহ আমি। দোকানৰ ভাৰা-লাইটৰ বিল লৈ দিব লাগে মাহিলি ৯শ টকা। খুব ভাল দিনত বিক্ৰী ১৪শ-১৫শ টকালৈকে হয়। কিন্তু কণী, ময়দা, ৰিফাইন তেল, গেছ চিলিণ্ডাৰ, চব্জিৰ যিহে দাম! কিন্তু, তাৰ মাজতে সীমিত আৰ্থিক সামৰ্থ্যৰে চিকিৎসা কৰাবলৈ চেষ্টা কৰিছিলোঁ গোপালৰ, কিন্তু একো নহ’ল।”
পিছে পৰিতাপৰ কথা এয়াই যে অৰুণোদয় আঁচনিখনৰ বাহিৰে আজিলৈ যুৱকজনক ঢুকি নাপালে দিব্যাংগৰ বাবে থকা কোনো এখন চৰকাৰী আঁচনিয়ে। কিন্তু, খেদ নাই যুৱকজনৰ। বিগত ১৮ বছৰে শীত-বৰ্ষা-গ্ৰীষ্ম নেওচি এটা কামেই কৰি আহিছে, মোগলাই পৰঠা বনোৱা; আগলৈও সেয়াই কৰি যাব লাগিব বুলিয়েই মন বান্ধি লৈছে ৰাজদীপ ওৰফে গোপালে।