নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অব্যাহত বালি মাফিয়াৰ দপদপনি : পাইপসহ এখন ট্ৰেক্টৰ জব্দ

অভিযানত গৌৰাং নৈৰ বুকুৰ পৰা বৃহৎ পৰিমাণৰ পাইপ সহ এখন টেক্টৰ জব্দ কৰে। অভিযানকাৰী দলটোৰ উমান পাই মাফিয়াই খননকাৰ্য কৰা মেচিন আৰু JCB লৈ পলাই যাবলৈ সক্ষম হয়

বিলাসীপাৰাত অব্যাহত আছে বালি মাফিয়াৰ দপদপনি। কাঠালদি গৌৰাং নৈত বুকুত অবাধ হাৰে চলাই গৈছে বালি খননকাৰ্য। কাঠালদি গাওঁৰ একাংশ বালি মাফিয়াই বন বিভাগ আৰু আৰক্ষীক চেলেঞ্জ দি গৌৰাং নৈৰ বুকুত চলাই গৈছে বালি খননকাৰ্য।

বালি মাফিয়াই দিনে নিশাই ট্ৰেক্টৰ আৰু JCB ৰে অব্যাহত ৰাখিছে অবৈধ খননকাৰ্য। খননকাৰ্যৰ ফলত কাঠালদি গাঁওখনলৈ গৰাখহনীয়াই তীব্ৰ ভাবুকি আনিছে। তেনে বালি মাফিয়াৰ বিৰূদ্ধে শালকোচা আঞ্চলিক বন বিভাগৰ দল আৰু বিলাসীপাৰা আৰক্ষীৰ যৌথ অভিযান।

অভিযানত গৌৰাং নৈৰ বুকুৰ পৰা বৃহৎ পৰিমাণৰ পাইপ সহ এখন টেক্টৰ জব্দ কৰে। অভিযানকাৰী দলটোৰ উমান পাই মাফিয়াই খননকাৰ্য কৰা মেচিন আৰু JCB লৈ পলাই যাবলৈ সক্ষম হয়।

দীৰ্ঘদিন দিনৰ পৰাই গৌৰাং নৈৰ বুকুত বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰি খননকাৰ্য চলাৰ অভিযোগ সচেতন মহলৰ। পৰৱৰ্তী সময়ত বালি মাফিয়াৰ বিৰূদ্ধে শালকোচা আঞ্চলিক বন বিষয়া আৰু বিলাসীপাৰা সমজিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যনীয় হ’ব।

নিয়মীয়া বাৰ্তা, বিলাসীপাৰ, ১২ ডিচেম্বৰ

You might also like