নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ কঠোৰ নিৰাপত্তাৰ মাজতে তিনিচুকীয়াত জ্বলি উঠিল পৰিবহণ নিগমৰ ৬খন বাছ

নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ তিনিচুকীয়া চহৰত লকডাউনৰ মাজতে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। তিনিচুকীয়া চহৰ কাষৰ ন-পুখুৰীৰ ভীমপৰা নৰসিংহ গাঁৱত সংঘটিত হয় এই অগ্নিকাণ্ড। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ পুৰণা ৬ খনকৈ এ এছ টি চি বাছত সংঘটিত হয় এই অগ্নিকাণ্ড। জানিব পৰা মতে জনৈক প্ৰসাদ উপাধিৰ ডেম্পৰ স্বত্বাধিকাৰীয়ে নিবিদাযোগে লাভ কৰিছিল এই ৰাজ্যিক পৰিবহণ নিগমৰ পুৰণি বাছসমূহ। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত পাছত অগ্নি নিৰ্বাপণ কৰা হয়। ৰখাই থোৱা বাছকেইখন হঠাৎ জ্বলি উঠাত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। হঠাৎ এনেদৰে অগ্নিকাণ্ড হোৱাক লৈ প্ৰশ্ন উত্থাপন হৈছে, কিয়নো এনেদৰে বাহন ৰখাই থোৱা ডেম্পসমূহত স্বত্বাধিকাৰীয়ে কোনোধৰণৰ ছিকিউৰিটীৰ ব্যৱস্থা নকৰে নেকি? লগতে এই ডেম্পসমূহত অগ্নি নিৰ্বাপণৰ বাবে কোনোধৰণৰ ব্যৱস্থা নাৰাখে নেকি স্বত্বাধিকাৰীয়ে? লক্ষণীয় বিষয় হৈছে যে প্ৰশাসনে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব।

You might also like