নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বামুন্দীৰ হাতীমূৰা চৰত খিলঞ্জীয়াই খেতি কৰা ভূমি দখলেৰে মিঞাৰ আগ্ৰাসন

বিশেষ বাৰ্তা, শুৱালকুছি, ১৩ ডিচেম্বৰ : কামৰূপৰ বামুন্দীৰ হাতীমূৰা চৰৰ ননকে অঞ্চলত মিঞাৰ আগ্ৰাসনে খিলঞ্জীয়া লোকক ভীতিগ্ৰস্ত কৰি তুলিছে ৷ স্থানীয় কৃষকসকলে জানিবলৈ দিয়া মতে, তেওঁলোকে বছৰ বছৰ ধৰি উক্ত চৰত কৃষিকাৰ্য কৰি নিজৰ পৰিয়াল চলাই আহিছে ৷ অস্থায়ীভাৱে ঘৰ-দুৱাৰ সাজি গৰু-ম’হ ৰখাৰ লগতে কৃষিজাত সামগ্ৰী কৰি জীৱন-জীৱিকাৰ বাট মোকলাই আছে ৷

পৰম্পৰাগতভাৱে কৰি থকা খেতিসমূহত শেহতীয়াভাৱে মিঞাৰ চকু পৰাত নিশাৰ ভিতৰতে থলুৱা কৃষকৰ কেইবাটিও ঘৰ পুৰি ছাৰখাৰ কৰাৰ লগতে খেতি-বাতিও বিনষ্ট কৰিছে ৷ আগ্ৰাসী মিঞাৰ আক্ৰমণত যেন এতিয়া খিলঞ্জীয়া কৃষকসকল দিশহাৰা হৈ পৰিছে ৷ ইতিমধ্যে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত শিলৰদিয়াত খিলঞ্জীয়াই খেতি-বাতি কৰি থকা ভূমি দখল কৰি আগ্ৰাসী মিঞাই ঘৰ সাজি লৈছে ।

ৰাইজে কৰা অভিযোগ মৰ্মে মিঞাৰ এই কাৰ্যৰ বিৰুদ্ধে আৰক্ষীক অৱগত কৰা হৈছিল যদিও এই পৰ্যন্ত আৰক্ষীয়ে বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে খিলঞ্জীয়া কৃষকসকলে ৷ ভয়-ভাবুকিৰে খিলঞ্জীয়া কৃষকৰ ভূমি দখলৰ অপচেষ্টা একাংশ মিঞাৰ ৷

অভিযোগ উঠা মতে, মিঞাক উচটনি দি মাটি দখলৰ চেষ্টাত জড়িত আছে পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত আনোৱাৰ হুছেইন, মইনুল হক, মুকুতা আলী আৰু ৰৌচান আলী ৷ কামৰূপ জিলা প্ৰশাসনে এই ক্ষেত্ৰত এক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি খিলঞ্জীয়া কৃষকসকলক সকাহ দিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে ৷ অন্যথা বিভিন্ন ভয়-ভাবুকিৰে স্থানীয় কৃষকৰ ভূমি মিঞাই দখল কৰাটো নিশ্চিত ৷

You might also like