জুবিন হত্যাকাণ্ডৰ চার্জশ্বীটত চাঞ্চল্যকৰ তথ্য
পূর্বৰে পৰা দুর্বল জুবিন গার্গক শাৰীৰিকভাৱে সবল কৰি তুলিবলৈ চিকিৎসা কৰাৰ সলনি অত্যধিক মদ্যপানেৰে আসক্ত কৰি তোলাতহে অধিক গুৰুত্ব আৰোপ কৰিছিল মেনেজাৰ সিদ্ধার্থ শর্মাই৷ কিয়নো ইতিমধ্যে প্রিয় শিল্পীগৰাকীৰ কষ্টোপার্জিত উপার্জনেৰে নিজৰ সাম্রাজ্য গঢ়ি তোলা সিদ্ধার্থ শর্মাৰ বাবে জুবিন গার্গ এটা বোজাৰ দৰে হৈ পৰিছিল
দিন বাগৰাৰ লগে লগে পোহৰলৈ আহিবলৈ ধৰিছে জুবিন হত্যাকাণ্ডৰ চাঞ্চল্যকৰ বহু তথ্য৷ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে যোৱা ১২ ডিচেম্বৰত কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ১২,২৭০ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ চার্জশ্বীটখন দাখিল কৰাৰ পাছতে এফালৰ পৰা পোহৰলৈ আহিছে শ্যামকানু–সিদ্ধার্থ এণ্ড কোম্পানীৰ পৰিকল্পিত ষড়যন্ত্রৰ বহু অকথিত অধ্যায়ৰ কথা৷
জীৱিত অৱস্থাত কেৱল অসমীয়াৰ আৱেগ জুবিন গার্গক ধন ঘটা যন্ত্র ৰূপে পৰিচালিত কৰি আহিছিল দালাল শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধার্থ শর্মাই৷ দিনে–নিশাই দুর্বল শাৰীৰিক অৱস্থাকো নেওচি ৰাজ্যৰ চুকে–কোণে অনুষ্ঠান পৰিৱেশনেৰে ধন অর্জন কৰা জুবিন গার্গৰ কষ্টখিনি ধৃত দুই অভিযুক্তৰ বাবে আছিল মাথোঁ বিনিয়োগ৷
পূর্বৰে পৰা দুর্বল জুবিন গার্গক শাৰীৰিকভাৱে সবল কৰি তুলিবলৈ চিকিৎসা কৰাৰ সলনি অত্যধিক মদ্যপানেৰে আসক্ত কৰি তোলাতহে অধিক গুৰুত্ব আৰোপ কৰিছিল মেনেজাৰ সিদ্ধার্থ শর্মাই৷ কিয়নো ইতিমধ্যে প্রিয় শিল্পীগৰাকীৰ কষ্টোপার্জিত উপার্জনেৰে নিজৰ সাম্রাজ্য গঢ়ি তোলা সিদ্ধার্থ শর্মাৰ বাবে জুবিন গার্গ এটা বোজাৰ দৰে হৈ পৰিছিল৷
একেই স্থিতি হৈছিল শ্যামকানু মহন্তৰো আৰু সেই বাবেই অতি পৰিকল্পিতভাৱে বাটৰ কাঁইট জুবিন গার্গক আঁতৰোৱাৰ বাবে দিনে–নিশাই চিন্তাত মগ্ন হৈ পৰিছিল দুই অভিযুক্ত৷ এছআইটিয়ে কৰা তদন্তৰ অন্তত দাখিল কৰা চার্জশ্বীটত এই কথাসমূহ স্পষ্টৰূপত প্রকাশ পাইছে বুলি বিশেষ সূত্রৰ পৰা জানিব পৰা গৈছে৷ আদালতত দাখিল কৰা চার্জশ্বীটখনৰ পৃষ্ঠাই পৃষ্ঠাই এনেবোৰ বহু চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে৷
উল্লেখ্য যে মৃত্যুৰ দুদিন আগৰে পৰাই জুবিন গার্গক অত্যধিক সুৰা সেৱন কৰোৱা হৈছিল৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, দালাল শ্যামকানু মহন্তই ‘ব্লেক এণ্ড হোৱাইট’ নামৰ এক ব্রেণ্ডৰ হুইস্কীৰ বটল জুবিন গার্গক সেৱনৰ বাবে দিছিল৷ অত্যধিক পৰিমাণৰ সুৰা যাতে জুবিন গার্গক অনবৰতে দি থাকিব পাৰে তাৰ বাবে নিয়োগ কৰা হৈছিল সহঃশিল্পী অমৃতপ্রভা মহন্তক৷ দালাল শ্যামকানু মহন্তই যিমান পাৰে সিমান পৰিমাণৰ সুৰা জুবিন গার্গক অবিৰতভাৱে দি থাকিবলৈ অমৃতপ্রভা মহন্তক নির্দেশ দিছিল৷
বিনিময়ত অমৃতপ্রভা মহন্তক বিশেষ সুযোগ দিয়াৰো প্রতিশ্রুতি দিছিল শ্যামকানুই৷ কিয়নো শিল্পীগৰাকীৰ প্রিয় ব্রেণ্ড আছিল ব্লেক এণ্ড হোৱাইট৷ প্রায়েই তেওঁ বিভিন্ন সময়ত উক্ত ব্রেণ্ডৰ সুৰাহে পান কৰিছিল৷ পূর্বৰে পৰা সকলো কথা অৱগত হোৱা শ্যামকানু মহন্তই এই বাবেই উক্ত ব্রেণ্ডৰ সুৰা ছিংগাপুৰৰ নর্থ–ইষ্ট ফেষ্টিভেললৈ লৈ গৈছিল৷ সাধাৰণতে ছিংগাপুৰত উক্ত ব্রেণ্ডৰ সুৰা সুলভ নহয় আৰু এই ব্রেণ্ড ছিংগাপুৰত কিদৰে গৈ পালে সেয়া শিল্পীগৰাকীৰ মৃত্যুৰ পাছত এছআইটিয়ে চলোৱা তদন্তত পোহৰলৈ আহিছিল৷
মৃত্যুৰ দুদিন পূর্বৰে পৰা অত্যধিক সুৰাপান কৰোৱাই জুবিন গার্গৰ হিতাহিত জ্ঞান প্রায়েই শূন্য কৰি পেলোৱা হৈছিল৷ আনকি ১৯ ছেপ্টেম্বৰৰ দিনা য়াট পার্টীত গাহৰিৰ মঙহৰ সৈতে হুইস্কী পান কৰোৱা হৈছিল জুবিন গার্গক৷ অকল হুইস্কীয়েই নহয়, আন সুৰাও তাত মিহলাই পান কৰোৱা হৈছিল, যাতে ভুল–শুদ্ধ শিল্পীগৰাকীয়ে সুস্থ মস্তিষ্কৰে চিন্তা কৰিবলৈ অপাৰগ হয়৷ যাৰ বাবে পানীত সাঁতুৰি থকাৰ মাজতে শিল্পীগৰাকীৰ বমি হৈছিল৷ বমি কৰাৰ পাছতে ছিজাৰ তেওঁৰ আহিবলৈ আৰম্ভ হৈছিল৷
এনেদৰে তিলতিলকৈ মৃত্যুৰ মুখলৈ পূর্বপৰিকল্পিতভাৱে আগবাঢ়িছিল অসমীয়াৰ আৱেগ জুবিন গার্গে৷ কিন্তু এইখিনিতে প্রশ্ন হৈছে–সকলোখিনি জানি–বুজিও কি কাৰণে শিল্পীগৰাকীক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ কথা মনলৈ আহিছিল ষড়যন্ত্রকাৰীসকল৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, বিভিন্ন সময়ত ৰাজ্যৰ বিহু অনুষ্ঠানসমূহত সংগীত পৰিৱেশনৰ বাবদ শিল্পীগৰাকীয়ে লাভ কৰা মোটা অংকৰ মাননিৰ ওপৰত চকু আছিল সিদ্ধার্থ শর্মাৰ৷
শিল্পীগৰাকীয়ে লাভ কৰা মাননিৰ পৰা কিছু অংশ কাটি ৰাখিহে এক নির্দিষ্ট পৰিমাণৰ ধনহে জুবিন গার্গক প্রদান কৰিছিল মেনেজাৰ সিদ্ধার্থ শর্মাই৷ অকল সেয়াই নহয়, জুবিন গার্গৰ উপার্জনৰ ধনেৰে বিভিন্ন ব্যৱসায়ত সিদ্ধার্থ শর্মাই বিনিয়োগ কৰিছিল৷ এছআইটিৰ তদন্তত পোহৰলৈ অহা অনুসৰি হোটেল হেৰিটেজ আৰু মহাবীৰ একুৱাত সিদ্ধার্থ শর্মাই বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিছিল৷ মহাবীৰ একুৱা সিদ্ধার্থ শর্মাৰ মালিকানাধীন পানীৰ বটলৰ কোম্পানী৷
কোম্পানীটোৰ মালিক সিদ্ধার্থ শর্মা হয় যদিও তাত বিনিয়োগ কৰা ধন আছিল অসমীয়াৰ আৱেগ জুবিন গার্গৰহে৷ উক্ত দুই প্রতিষ্ঠানৰ বাবেও পৰিবহণ ব্যৱসায়তো সিদ্ধার্থ শর্মাই জুবিন গার্গৰ ধন বিনিয়োগ কৰা বিষয়টো তদন্তৰ সময়ছোৱাত পোহৰলৈ আহিছে৷ দিনে–নিশাই কষ্ট কৰি উপার্জন কৰা ধনৰ সিংহভাগ এনেদৰে চতুৰালিৰে সিদ্ধার্থ শর্মাই আন ব্যৱসায়ত বিনিয়োগ কৰা বিষয়টো লাহে লাহে বুজি উঠিছিল শিল্পীগৰাকীয়ে আৰু ইয়াকে লৈ বিভিন্ন সময়ত তেওঁৰ সৈতে বিতর্কৰো সৃষ্টি হৈছিল জুবিন গার্গৰ৷
কিন্তু এই কথাই পৰৱর্তী সময়ত এক বৃহৎ ষড়যন্ত্রৰ যে ৰূপ ল’ব সেয়া শিল্পীগৰাকীয়েও হয়তো বুজা নাছিল৷ যিয়েই নহওক, চার্জশ্বীটৰ জৰিয়তে এনেধৰণৰ বহু ৰহস্যই সম্প্রতি পোহৰলৈ আহিছে৷ সকলোৱে আশা কৰিছে– পৰিকল্পিতভাৱে প্রাণৰ শিল্পীগৰাকীক হত্যা কৰা শ্যামকানু–সিদ্ধার্থ এণ্ড কোম্পানী আদালতত দোষী সাব্যস্ত হওক৷ কঠোৰৰ পৰা কঠোৰতম শাস্তি অভিযুক্তসকলে লাভ কৰক৷ জুবিন গার্গে প্রকৃতার্থত ন্যায় লাভ কৰক৷
ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ