সাহিত্যিক ৰীতা চৌধুৰীৰ ডাঙৰ ঘোষণা, উদীয়মান শিল্পীলৈ জুবিন গার্গৰ পডকাষ্টৰ ধন
আমাৰ প্রাণত সোমাই আছে জুবিন গার্গ৷ তেওঁৰ সৈতে হৈ যোৱা শেহতীয়া প’ডকাষ্টৰ জৰিয়তে ইউটিউবৰ পৰা ২,৯০৯ ডলাৰ লাভ কৰিছোঁ৷ ভাৰতীয় টকাৰ হিচাপত চাবলৈ হ’লে ২,৬৩,৪৬৮ টকা৷
প’ডকাষ্টত প্রিয় শিল্পীৰ অন্তিমটো ‘অসম্পাদিত কথোপকথন’ শীর্ষক সাক্ষাৎকাৰটোৰ পৰা অর্জন কৰা ধনেৰে গঠন কৰা পুঁজিৰে ৰাজ্যৰ উদীয়মান শিল্পীলৈ উৎসাহ যোগোৱাৰ পৰিকল্পনাৰে অসমীয়াৰ আৱেগ জুবিন গার্গলৈ সশ্রদ্ধ শ্রদ্ধাঞ্জলি জ্ঞাপনৰ কথা ঘোষণা কৰিছে বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীয়ে৷
এই কথা সদৰী কৰি বিশিষ্ট সাহিত্যিক ড০ চৌধুৰীয়ে কয় যে জুবিন গার্গক হেৰুওৱাৰ শোক সহজতে প্রশমিত নহয়৷ কাৰণ আমাৰ প্রাণত সোমাই আছে জুবিন গার্গ৷ তেওঁৰ সৈতে হৈ যোৱা শেহতীয়া প’ডকাষ্টৰ জৰিয়তে ইউটিউবৰ পৰা ২,৯০৯ ডলাৰ লাভ কৰিছোঁ৷ ভাৰতীয় টকাৰ হিচাপত চাবলৈ হ’লে ২,৬৩,৪৬৮ টকা৷
বহুচর্চিত প’ডকাষ্টৰ জৰিয়তে লাভ কৰা সমুদায় ধন ২০ বছৰৰ বাবে ফিক্সড ডিপ’জিট কৰাৰ কথা ঘোষণা কৰি ড০ চৌধুৰীয়ে কয় যে উক্ত ডিপ’জিটৰ পৰা সুদযোগে লাভ কৰা আয় উদীয়মান শিল্পীক উৎসাহ যোগোৱাৰ বাবে ব্যয় কৰা হ’ব৷ জুবিনবিহীন এই সময়ত যি শূন্যতা তেওঁৰ অনুৰাগীসকলৰ সন্মুখত দেখা দিছে, তেওঁলোকৰ বাবে আমি আমাৰ মঞ্চৰ পৰা কাম কৰিবলৈ ইচ্ছুক৷ এজন গায়ক হিচাপে নহয়, সমাজত বাট দেখুৱাব পৰা এগৰাকী ব্যক্তি হিচাপে জুবিন গার্গ সিঁচৰতি হৈ আছে৷
তেওঁক আমি নির্মাণ কৰিম৷ বৰ অসমক জুবিন গার্গে বিশ্বাস কৰিছিল৷ সকলোকে সমানভাৱে আগবঢ়াই নিয়াত বিশ্বাসী আছিল জুবিন গার্গ৷ বিভিন্ন সময়ত নিজৰ গানৰ মাজেৰেই তেওঁ এই কথা প্রকাশ কৰিছিল৷ গতিকে মোৰ প্লেটফর্মৰ পৰা জুবিন অনুৰাগীসকলৰ বাবে যিখিনি সম্ভৱপৰ হয়, সেয়া কৰিবলৈ চেষ্টা কৰিম৷
উল্লেখ্য যে প্রায় এঘণ্টা ২০ মিনিটজোৰা ‘দ্য আনকাট জুবিন’ শীর্ষক অসম্পাদিত কথোপকথনৰ প’ডকাষ্টটো আছিল প্রাণৰ শিল্পীগৰাকীৰ জীৱনৰ অন্তিমটো সাক্ষাৎকাৰ৷ জুবিন গার্গৰ জীৱনৰ খুলি নোকোৱা বহু অকথিত অধ্যায় উক্ত প’ডকাষ্টটোৰ জৰিয়তে পোহৰলৈ আনিবলৈ চেষ্টা কৰিছিল বিশিষ্ট সাহিত্যিক ড০ চৌধুৰীয়ে৷ মনত থূপ খাই থকা বহু অধ্যায় পোহৰলৈ আনিবলৈ গৈ থমকি ৰোৱা শিল্পীগৰাকীয়ে কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য উক্ত সাক্ষাৎকাৰত কৰিছিল৷
প্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ পাছত এই বক্তব্যবোৰ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটৰ বাবেও বহু সময়ত তথ্য সংগ্রহৰ এক অন্যতম উৎস ৰূপে চিহ্ণিত হৈছিল৷ জুবিন গার্গৰ অগণিত অনুৰাগীৰ লগতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহু লোকে উক্ত সাক্ষাৎকাৰটো প্রত্যক্ষ কৰি উচুপি উঠিছিল৷
বিশিষ্ট সাহিত্যিক ড০ চৌধুৰীয়ে জুবিন গার্গ নামৰ এই সত্তাটোক এটা সামগ্রিক মানৱতাবাদী চিন্তা–চেতনা আৰু প্রকৃতিপ্রেমী মতবাদ বুলি অভিহিত কৰে৷ শেহতীয়াকৈ যোৱা ১২ ডিচেম্বৰত এছআইটিয়ে জুবিন হত্যাকাণ্ডৰ বহুচর্চিত চার্জশ্বীট আদালতত দাখিল কৰে৷
এই সন্দর্ভত সাংবাদিকে সাহিত্যিক ড০ চৌধুৰীৰ মতামত জানিবলৈ বিচৰাত তেওঁ কোনোধৰণৰ মন্তব্য এই বিষয়ত কৰিব নিবিচাৰোঁ বুলি উল্লেখ কৰি কয় যে বিষয়টো বিচাৰাধীন৷ আইনে নিজৰ বাট ল’ব৷ কলমৰ মাজেৰে মই যিখিনি কৰি আছোঁ কৰি যাম৷ আমি সকলোৱে বিচাৰিছোঁ জুবিন গার্গে ন্যায় পাওক৷
তৰাৰ ধূলি হৈ সিঁচৰতি হৈ থকা জুুবিন গার্গক আমি এটি তৰাৰ ৰূপত নির্মাণ কৰিম৷ তেওঁ ভবা ধৰণে আমি আগবাঢ়ি যাব লাগিব৷ জুবিন আমাৰ মাজত নাই যদিও তেওঁৰ আদর্শ, দর্শন চিৰদিন আমাৰ মাজত থাকিব৷ অসমীয়াৰ আৱেগ, প্রাণৰ শিল্পী জুবিন গার্গৰ প্রতি সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ এই শ্রদ্ধাঞ্জলিক সম্প্রতি ৰাজ্যৰ সচেতন মহলে আদৰণি জনাইছে৷
ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ