নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা তাই সাংস্কৃতিক গৱেষণা-বিকাশ কেন্দ্ৰ অসমৰ নতুন সমিতি গঠন

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১৫ ডিচেম্বৰ : ঢকুৱাখনা ‘তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ অসম’ৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে অনুষ্ঠিত হৈ যায়। তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ প্ৰাংগণত দিনৰ ১.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা সাধাৰণ সভাখনত সভাপতিত্ব কৰে কেন্দ্ৰটোৰ সভাপতি জিতেন গগৈয়ে। উক্ত সভাতে আগন্তুক ২০২৫-২৭ কাৰ্যবৰ্ষৰ বাবে ‘তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ, অসম’ৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।

কেন্দ্ৰটোৰ বিদায়ী সম্পাদক অৰুণ চমুৱাই আঁত ধৰা সভাখনত বিগত কাৰ্যকালৰ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ আৰু গ্ৰহণ কৰাৰ পিছতে আগন্তুক ২০২৫-২৭ কাৰ্যবৰ্ষৰ বাবে প্ৰদীপ চমুৱাক সভাপতি, হেমন্ত গগৈক কাৰ্যকৰী সভাপতি আৰু হিতেশ ফুকনক প্ৰধান সম্পাদক হিচাপে লৈ তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।

উক্ত সভাতে আগন্তুক ২০২৬ বৰ্ষৰ কেন্দ্ৰীয় ‘মে-ডাম মে-ফী’ উদযাপন সমিতিখনো গঠন কৰা হয়। অহা ৩১ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া ‘মে-ডাম মে-ফী’ উদযাপন সমিতিৰ সভাপতি হিচাপে ৰঞ্জিত সন্দিকৈক নিৰ্বাচিত কৰাৰ সমান্তৰালভাৱে সাধাৰণ সম্পাদক হিচাপে সত্য চমুৱা আৰু শান্তনু গগৈক যুটীয়াভাৱে নিৰ্বাচিত কৰা হয়। উক্ত সভাতে আগন্তুক ‘মে-ডাম মে-ফী’ উৎসৱৰ বছৰেকীয়া মুখপত্ৰ ‘বান-ফাই’ সম্পাদনাৰ বাবে অৰুণ চমুৱাক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। উক্ত স্মৰণিকাখনত প্ৰকাশৰ বাবে ইতিহাসৰ তথ্যসমৃদ্ধ প্ৰবন্ধ, গল্প, কবিতা আদিৰ লগতে মৌলিক চিন্তাচৰ্চা সন্নিৱিষ্ট বিভিন্ন ধৰণৰ লেখা প্ৰেৰণৰ বাবেও সম্পাদক অৰুণ চমুৱাই আহ্বান জনাইছে।

লেখাসমূহ পৰিষ্কাৰ বগা কাগজত হাতেলিখি অথবা ৰামধেনু ছফ্টৱেৰত ডি টি পি কৰি [email protected]ত মেইল কৰি বা হোৱাটছএপ নম্বৰ ৯৮৫৯৫১৪৩০৪, ৯৪০১২৬৪০১৬ লৈ অথবা অৰুণ চমুৱা, সম্পাদক, ‘বান-ফাই’, কেন্দ্ৰীয় মে-ডাম মে-ফী-২০২৬, মাৰফৎঃ ‘গগৈ ব্ৰাদাৰ্ছ’, ঢকুৱাখনা চাৰিআলি, ঢকুৱাখনা, লখিমপুৰ, অসম, পিন-৭৮৭০৫৫ ঠিকনালৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে।

You might also like