নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আবকাৰী বিভাগৰ পদক্ষেপত প্ৰস্তুত হেণ্ড ছেনিটাইজাৰ সংবাদ মাধ্যমৰ কাৰ্যালয়ত বিতৰণ

নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ ক’ৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে আবকাৰী বিভাগে গ্ৰহণ কৰা পদক্ষেপ অনুযায়ী ৰাজ্যখনৰ কেবাটাও সুৰা প্ৰস্তুকাৰী কোম্পানীয়ে মঙলবাৰৰ পৰা আৰম্ভ কৰিছে হেণ্ড ছেনিটাইজাৰ বিতৰণৰ কাম। এই অনুযায়ী কাছাৰ জিলাৰ সুৰ্মা ডিষ্টিলেৰী প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা হেণ্ড ছেনিটাইজাৰ মঙলবাৰে সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহত বিতৰণ কৰা হয়। আবকাৰী বিভাগৰ আহ্বানত সুৰা কোম্পানীয়ে প্ৰস্তুত কৰা হেণ্ড ছেনিটাইজাৰৰ এই বিতৰণ যাত্ৰা শুভাৰম্ভ কৰে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। জানিব পৰা মতে কাছাৰ জিলাৰ এই কোম্পানীটোৱে ২০০ মিলিটাৰৰ ১,৩০,০০০ টা বটল উৎপাদন কৰিব পৰা সেই সমূহ অৰ্পণ কৰিব ৰাজ্য স্বাস্থ্য বিভাগৰ তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমক। উল্লেখ্য যে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশমতে ইতিমধ্যে ৰাজ্যখনৰ মুঠ ১১ টা প্ৰতিষ্ঠানক বিশ্ব স্বাস্থ্য সংস্থাৰ গাইডলাইন অনুযায়ী হেণ্ড ছেনিটাইজাৰ প্ৰস্তুতৰ অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে লকডাউনৰ সময়ছোৱাত ২০০ মিলিলিটাৰৰ মুঠ ৫ কোটি বটল যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিভাগটোৱে। মঙলবাৰে আবকাৰী বিভাগৰ হৈ শৈলেন্দ্ৰ পাণ্ডেৰ নেতৃত্বত এটা দলে ছেনিটাইজাৰ বটল নিয়মীয়া বাৰ্তাৰ সাংবাদিক তথা কাৰ্যালয়ৰ কৰ্মচাৰীসকলক বিতৰণ কৰে।

You might also like