হাতী নে পদুম? কি গতি হ’ব কংগ্রেছ–ইউডিএফৰ সাত নিলম্বিত বিধায়কৰ
চর্চাত কংগ্রেছৰ শশীকান্ত দাস–বসন্ত দাস–কমলাক্ষ দে’ পুৰকায়স্থ–শ্বেৰমান্ আলী আহমেদ ছিদ্দিক আহমেদ–এআইইউডিএফৰ জাকিৰ হুছেইন লস্কৰ–নিজামুদ্দিন চৌধুৰীৰ নাম
ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে ’২৬ৰ নির্বাচনী কুচকাৱাজ৷ শাসক–বিৰোধী সকলো দলে ১২৬টা সমষ্টিত পছন্দৰ প্রার্থী প্রক্ষেপৰ বাবে নিজকে সাজু কৰিছে৷ ইয়াৰ মাজতে চর্চালৈ আহিছে বিৰোধীৰ সাতগৰাকী বিধায়কৰ ভৱিষ্যৎ ৰাজনৈতিক অৱস্থান কি হ’ব তাক লৈ৷
কংগ্রেছৰ পাঁচগৰাকী নিলম্বিত বিধায়ক ক্রমে ৰহাৰ শশীকান্ত দাস, মঙলদৈৰ বসন্ত দাস, উত্তৰ কৰিমগঞ্জৰ কমলাক্ষ দে’ পুৰকায়স্থ, দক্ষিণ কৰিমগঞ্জৰ ছিদ্দিক আহমেদ, বাঘবৰৰ শ্বেৰমান আলী আহমেদৰ লগতে এআইইউডিএফৰ নিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰ আৰু আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ ৰাজনৈতিক ভৱিষ্যৎ কি হ’ব তাক লৈ বর্তমানে চলিছে অন্তহীন জল্পনা–কল্পনা৷
উল্লেখ্য যে এই সাতগৰাকী বিধায়কৰ ভিতৰত কংগ্রেছৰ শশীকান্ত, বসন্ত, কমলাক্ষ আৰু ছিদ্দিক আহমেদে বিৰোধী পক্ষত থাকিও শাসকীয় দলৰ কাম–কাজক সমর্থন কৰি দলৰ পৰা নিলম্বিত হৈ আছে৷ ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ২০২১ চনত বিজেপি দলৰ চৰকাৰ গঠনৰ পিছতে চৰকাৰক সমর্থন কৰি কংগ্রেছৰ পৰা নিলম্বিত হৈছিল ৰহাৰ বিধায়ক শশীকান্ত দাস৷
পৰৱর্তী সময়ত এই শশীকান্তৰ মডেলকে অনুসৰণ কৰি বিধায়ক বসন্ত দাস, কমলাক্ষ দে’ পুৰকায়স্থ, ছিদ্দিক আহমেদে চৰকাৰক মুকলিকৈ সমর্থন কৰি দলৰ পৰা নিলম্বিত হৈছিল৷ ইয়াৰ বিপৰীতে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে অসম আন্দোলনৰ শ্বহীদসকলৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি দলৰ পৰা নিলম্বিত হৈছিল৷
কংগ্রেছৰ এই নিলম্বিত বিধায়কসকলৰ মাজত শশীকান্ত দাস, বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থই বিজেপিত যোগ দিয়াৰ সম্ভাৱনাই বেছি বুলিয়ে চর্চিত হৈছে৷ অৱশ্যে এইক্ষেত্রত বসন্ত দাসে পূর্বৰ বিজেপি বিধায়ক গুৰুজ্যোতি দাস আৰু কমলাক্ষই প্রাক্তন বিধায়ক অমৰ চান্দ জৈনৰ তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈ দলীয় প্রার্থিত্ব লাভৰ ক্ষেত্রত কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্রবল৷
ইফালে ছিদ্দিক আহমেদৰ বিজেপিৰ পৰা নির্বাচন খেলাৰ কোনো সম্ভাৱনা নাই৷ সেয়েহে বিধায়কগৰাকীৰ বাট খোলা আছে আঞ্চলিক দল অগপৰ৷ বর্তমানে ছিদ্দিক আহমেদে অগপৰ মনোনয়ন লৈয়ে নির্বাচনত অৱতীর্ণ হ’ব বুলি চর্চাত আছে৷ আনহাতে বাঘবৰৰ বর্তমানৰ বিধায়ক শ্বেৰমান আলী ’২৬ৰ বাবে সমষ্টিহীন হৈ ৰোৱাৰ উপৰি কংগ্রেছ দলে তেওঁক প্রার্থিত্ব প্রদান কৰাৰ ক্ষেত্রত সন্দেহৰ অৱকাশ আহিছে৷ সেই কথাৰ উমান পায়েই শ্বেৰমান আলীয়ে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰি নির্বাচন খেলাৰ বাবে আলোচনা–বিলোচনা কৰি আছে বুলি প্রকাশ পাইছে৷
বর্তমানে বাঘবৰ সমষ্টি অৱলুপ্তি ঘটোৱাত ইয়াৰ বহু অংশ কর্তনেৰে নতুনকৈ ‘মন্দিয়া’ নামেৰে এটা সমষ্টি গঠন কৰা হৈছে৷ এই মন্দিয়াত ব্যাপক প্রভাৱ আছে এআইইউডিএফৰ৷ তাৰ উপৰি নৱগঠিত সমষ্টিটোত আছে এআইইউডিএফৰ বিধায়ক ডাঃ ৰফিকুল ইছলাম৷
সেই সূত্রে শ্বেৰমান আলীয়ে ৰাইজৰ দলৰ হৈ চেঙা সমষ্টিত নির্বাচন খেলাৰ বাবে প্রস্তুতি চলোৱা বুলি চর্চিত হৈছে৷ কংগ্রেছৰ ৫ বিধায়কৰ দৰেই এআইইউডিএফৰ দুই নিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰীয়ে অগপত যোগ দি ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰি ৰাখিব বিচাৰিছে৷ বিগত লোকসভা নির্বাচনত এই দুই বিধায়কে দলীয় প্রার্থীৰ বিপৰীতে বিজেপিক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু দলে দুয়োগৰাকীকে নিলম্বন কৰিছিল৷
এতিয়া এই দুই বিধায়কে অগপত যোগদান কৰি ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰিব বিচাৰিছে৷ এই লৈ জাকিৰ হুছেইন লস্কৰে পোনপটীয়াকৈ অগপত যোগ দিব বুলি নিশ্চিত কৰিলেও মুখ্যমন্ত্রী ড০ শর্মাৰ সেউজ সংকেতলৈ অপেক্ষা কৰি আছে বুলি স্পষ্ট কৰিছে৷ কেৱল এই দুই বিধায়কেই নহয়, আন বহুকেইজন বিধায়কৰো অপগত যোগদানৰ সম্ভাৱনা আছে বুলি জনাইছে বিধায়কগৰাকীয়ে৷
ইতিমধ্যে কংগ্রেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদৰ দৰে এআইইউডিএফৰ এই দুই নিলম্বিত বিধায়কে অগপৰ সভাপতি–কার্যকৰী সভাপতিৰে আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে আৰু অগপ নেতৃত্বয়ো তিনি–চাৰিগৰাকী এআইইউডিএফৰ বিধায়কে অগপত যোগদান কৰিব পাৰে বুলি প্রকাশ কৰিছিল৷ স্মর্তব্য যে ৰাজ্যত দ্বিতীয়বাৰলৈ বিজেপি চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত কংগ্রেছৰ বিধায়ক হিচাপে থকা সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুর্মীয়ে পদত্যাগ কৰি উপ–নির্বাচনৰ জৰিয়তে পুনৰ বিজেপিৰ প্রার্থী হিচাপে জয়ী হৈ বিধানসভাত প্রৱেশ কৰিছিল৷
অনুৰূপ ধৰণে এআইইউডিএফৰ বিধায়ক হিচাপে নির্বাচিত হৈ অহা ফণীধৰ তালুকদাৰেও বিধায়ক পদ ত্যাগ কৰি উপ–নির্বাচনৰ জৰিয়তে বিজেপি দলৰ হৈ পুনৰ জয়ী হৈছিল৷ কিন্তু বিধানসভাৰ কার্যকাল শেষ হ’বলৈ মাজত মাত্র কেইমাহমান বাকী থকা অৱস্থাতো বিধায়ক শশীকান্ত দাস, বসন্ত দাস, কমলাক্ষ দে’ পুৰকায়স্থই কংগ্রেছ দলৰ নিলম্বিত বিধায়ক হিচাপে থাকিও বিজেপি বা আন কোনো দলত যোগদান নকৰিলে৷ এনে অৱস্থাত না কংগ্রেছী, না আন কোনো দলৰ সদস্য–বিধায়ক, এইকেইগৰাকী বিধায়কে ’২৬ৰ নির্বাচনত হাতীৰ পিঠিত উঠিব নে পদুমৰ হাতত ধৰি নির্বাচনী বৈতৰণী পাৰ কৰি নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰিব তাক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে৷
ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ