নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–বংগত কি কাৰণে বিশেষ অধ্যয়ন চলাব বিচাৰিছে গৃহ মন্ত্রালয়ে.. জানক সবিশেষ

সদনৰ প্ৰশ্নোত্তৰকালত বিজেপি সাংসদ দৰ্শনা সিঙে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সিঙে প্ৰকাশ কৰা মতে, অনুপ্ৰৱেশ আৰু অন্যান্য অস্বাভাবিক কাৰণৰ বাবে হোৱা জনগাঁথনিৰ পৰিবৰ্তনৰ প্ৰত্যাহ্বানসমূহও বিশ্লেষণ কৰিব তথা প্ৰতিবেদনযোগে চৰকাৰক পৰামৰ্শ আগবঢ়াব

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হোৱা জনগাঁথনিগত পৰিবৰ্তনৰ কাৰণ আৰু প্ৰতিকাৰ নিৰূপণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিজ্ঞানসন্মতভাৱে জনগাঁথনি পৰিবৰ্তনৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ লগতে নীতিগত তথা আইনগত ভাৱে গ্ৰহণ কৰিব লগীয়া পদক্ষেপৰ দিহা প্ৰদান কৰিব উচ্চ পৰ্যায়ৰ কমিটিখনে। ৰাজ্য়সভাত কেন্দ্ৰীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী ৰাও ইন্দৰজিত সিঙে এই গুৰুত্বপূৰ্ণ কথা সদৰি কৰিছে।

সদনৰ প্ৰশ্নোত্তৰকালত বিজেপি সাংসদ দৰ্শনা সিঙে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সিঙে প্ৰকাশ কৰা মতে, অনুপ্ৰৱেশ আৰু অন্যান্য অস্বাভাবিক কাৰণৰ বাবে হোৱা জনগাঁথনিৰ পৰিবৰ্তনৰ প্ৰত্যাহ্বানসমূহও বিশ্লেষণ কৰিব তথা প্ৰতিবেদনযোগে চৰকাৰক পৰামৰ্শ আগবঢ়াব।

এইক্ষেত্ৰত অতিৰিক্ত অভিনৱ নীতি প্ৰস্তুত কৰাৰ লগতে আইনী আৰু প্ৰাশাসনিক ব্যৱস্থা গ্ৰহণ কৰাৰো দিহা প্ৰদান কৰিব কমিটিখনে। লক্ষ্যনীয়ভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনগাথনিৰ পৰিবৰ্তনকলৈ উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰাৰ সিদ্ধান্ত লোৱা বুলি মন্ত্ৰী ৰাওয়ে সদনক জনাইছে যদিও কেতিয়া বা কাৰ নেতৃত্বত কমিটিখন গঠন কৰা হব সেই সন্দৰ্ভত কোনো তথ্য আগবঢ়োৱা নাই।

উল্লেখ্য় যে চলিত বৰ্ষৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনগাথনি পৰিবৰ্তনৰ প্ৰত্যাহ্বানসমূহকলৈ এখন উচ্চ পৰ্যায়ৰ জনগাঁথনি অভিযান চলোৱা হব বুলি ঘোষণা কৰিছিল। জনগাঁথনি পৰিবৰ্তনকলৈ দেশত ইচ্ছাকৃত ভাৱে ষড়যন্ত্ৰ চলি থকা বুলিও প্ৰধানমন্ত্ৰীয়ে আশংকা ব্যক্ত কৰিছিল।

কেন্দ্ৰীয় গৃহ বিভাগৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে, যোৱা ১০ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উচ্চ পৰ্যায়ৰ কমিটিখনৰ বিষয় উত্থাপন কৰি কমিটিৰ কাৰ্যপৰিধি ও শৰ্তাৱলীৰ (টাৰ্মছ অফ ৰেফাৰেন্স) ওপৰত বিশদভাৱে আলোকপাত কৰে।

উক্ত কেবিনেট বৈঠকতেই উচ্চ পৰ্যায়াৰ কমিটি গঠন কৰাৰ সিদ্ধান্ত গৃহীত হয়। সূত্ৰটোয়ে প্ৰকাশ কৰা মতে, মূলত আন্তঃৰাষ্ট্ৰীয় সীমান্তবৰ্তী এলেকাত যেনে অসম-বাংলাদেশ, পশ্চিমবংগ-বাংলাদেশ সীমান্তবৰ্তী এলেকাসমূহত উচ্চ পৰ্যায়াৰ কমিটিখনে বিশেষ দৃষ্টি নিবদ্ধ কৰিব তথা প্ৰয়োজনীয় অধ্যায়ন কৰিব।

বিশেষ বাৰ্তা, নতুন দিল্লী, ১৬ ডিচেম্বৰ

You might also like