নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সপ্তাহত এজন কর্মীয়ে কাম কৰিব লাগিব মুঠ ৪৮ ঘণ্টা

মন্ত্রালয়ে জনোৱা মতে, সাপ্তাহিক কামৰ ধাৰণাটো আঁতৰাব লাগিব কর্মীসকলে৷ অর্থাৎ গোটেই সপ্তাহটোত এগৰাকী কর্মীৰ মুঠ কামৰ সময় স্থিৰ হৈ থাকিব৷ এই মুঠ সময়ৰ ক্ষেত্রত কোনো হেৰফেৰ নহ’ব৷

কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রালয়ে জনোৱা মতে, এজন কর্মীয়ে বিচাৰিলে সপ্তাহত চাৰিদিন কাম কৰিব পাৰিব৷ কিন্তু মানিব লাগিব নতুন শ্রম আয়োগ৷ কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রালয়ে এক্স একাউণ্টত দিয়া পোষ্টত এই বিষয়টো স্পষ্ট কৰিছে৷

মন্ত্রালয়ে জনোৱা মতে, সাপ্তাহিক কামৰ ধাৰণাটো আঁতৰাব লাগিব কর্মীসকলে৷ অর্থাৎ গোটেই সপ্তাহটোত এগৰাকী কর্মীৰ মুঠ কামৰ সময় স্থিৰ হৈ থাকিব৷ এই মুঠ সময়ৰ ক্ষেত্রত কোনো হেৰফেৰ নহ’ব৷

অর্থাৎ এজন কর্মীয়ে গোটেই সপ্তাহটোত ৪৮ ঘণ্টা কাম কৰিবই লাগিব৷ কিন্তু তাৰ পিছতো অতিৰিক্ত সময় কাম কৰিবলগীয়া হ’লে তাৰ বাবদ অতিৰিক্ত মজুৰি (অভাৰ টাইম)ৰ বাবে আবেদন কৰিব পৰা যাব৷

এক্স একাউণ্টটোত আৰু লিখিছে যে সপ্তাহটোৰ ৪ দিনত প্রত্যেক দিনেই ১২ ঘণ্টাকৈ কাম কৰিলে সপ্তাহৰ বাকী থকা ৩টা দিন মজুৰিসহ ছুটী পাব কর্মীসকলে৷ নতুন শ্রম আইনে দিছে এই অনুমতি৷ অর্থাৎ গোটেই সপ্তাহত ৪৮ ঘণ্টা কাম কৰিব লাগিব আৰু অতিৰিক্ত সময় কাম কৰিলে মজুৰিৰ দুগুণ হাৰত টকা দিব লাগিব৷

কেন্দ্রীয় মন্ত্রালয়ে এইটোও জনাইছে যে কর্মীয়ে দিনে একেৰাহে ১২ ঘণ্টা কাম কৰিব নালাগে৷ প্রয়োজন মতে মাজতে তেওঁ বিৰতিও ল’ব পাৰিব৷ তথাপি সপ্তাহত তিনিদিন ছুটীৰ সুবিধা দিলেও নিয়োগকর্তাই কর্মীসকলক সপ্তাহত ৪৮ ঘণ্টাৰ বেছি সময় কামত লগাব নোৱাৰিব৷

ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ

You might also like