টীম ইণ্ডিয়াৰ খেলুৱৈলৈ নিৰ্দেশনা বিচিচিআইৰ, ৰোহিত-কোহলি-পণ্টৰ নিশ্চিতি প্ৰদান
এই সিদ্ধান্তই বিশেষকৈ আন্তঃৰাষ্ট্রীয় সময়সূচীৰ বাবে ঘৰুৱা ক্রিকেটৰ পৰা দীর্ঘদিন আঁতৰি থকা জ্যেষ্ঠ খেলুৱৈসকলক প্রভাৱিত কৰিব৷ বিচিচিআইৰ নীতি অনুসৰি কেন্দ্রীয়ভাৱে চুক্তিবদ্ধ খেলুৱৈসকলে যেতিয়াই ৰাষ্ট্রীয় কর্তব্যৰ পৰা মুক্ত হ’ব, তেতিয়াই ঘৰুৱা প্রতিযোগিতাত অংশ লোৱাতো বাধ্যতামূলক
সম্প্রতি দক্ষিণ আফ্রিকাৰ বিপক্ষে পাঁচখনীয়া টি–২০ মেচত অংশ লৈ আছে ঘৰুৱা দল টীম ইণ্ডিয়াই৷ টি–২০ শৃংখলাটোৰ পূর্বে ভাৰতীয় দলটোৱে প্রটিয়াজ বাহিনীৰ সৈতে দুখন টেষ্ট আৰু তিনিখন এদিনীয়া মেচতো ভাগ লৈছিল৷
দক্ষিণ আফ্রিকাৰ বিপক্ষে চলি থকা টি–২০ শৃংখলাটোৰ মাজতে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এক ডাঙৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ বিচিচিআয়ে এদিনীয়া আৰু টি–২০ দলৰ খেলুৱৈসকলৰ বাবে নতুন নির্দেশনা জাৰি কৰিছে৷ যাৰ অধীনত তেওঁলোকে গুৰুত্বপূর্ণ ঘৰুৱা প্রতিযোগিতাৰ কমেও দুখনকৈ মেচ খেলিব লাগিব৷
টীম ইণ্ডিয়াৰ প্রতিজন খেলুৱৈয়ে এই নির্দেশনা মানি চলিব লাগিব৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিচিচিআয়ে সিদ্ধান্ত লৈছে যে ভাৰতীয় এদিনীয়া আৰু টি–২০ দলৰ সকলো খেলুৱৈয়ে বিজয় হাজাৰে ট্রফী ২০২৫–২৬ত কমেও দুখন মেচ খেলিব লাগিব৷
খেলুৱৈসকলৰ মেচ ফিটনেছ বজাই ৰাখিবলৈ আৰু ঘৰুৱা ক্রিকেট শক্তিশালী কৰিবলৈ এই নির্দেশ দিয়া হৈছে৷ বিজয় হাজাৰে ট্রফী হৈছে ভাৰতৰ এখন গুৰুত্বপূর্ণ ঘৰুৱা লিষ্ট এ প্রতিযোগিতা৷ অহা ২৪ ডিচেম্বৰৰ পৰা প্রতিযোগিতাখন আৰম্ভ হ’ব৷
এই সিদ্ধান্তই বিশেষকৈ আন্তঃৰাষ্ট্রীয় সময়সূচীৰ বাবে ঘৰুৱা ক্রিকেটৰ পৰা দীর্ঘদিন আঁতৰি থকা জ্যেষ্ঠ খেলুৱৈসকলক প্রভাৱিত কৰিব৷ বিচিচিআইৰ নীতি অনুসৰি কেন্দ্রীয়ভাৱে চুক্তিবদ্ধ খেলুৱৈসকলে যেতিয়াই ৰাষ্ট্রীয় কর্তব্যৰ পৰা মুক্ত হ’ব, তেতিয়াই ঘৰুৱা প্রতিযোগিতাত অংশ লোৱাতো বাধ্যতামূলক৷
ইয়াৰ দ্বাৰা খেলুৱৈয়ে কেৱল ধাৰাবাহিকভাৱে অনুশীলন কৰিব পৰাই নহয়, যুৱ খেলুৱৈসকলে জ্যেষ্ঠসকলৰ পৰা শিকিবলৈও সুযোগ পাব৷ ইয়াৰ পূর্বে ৰঞ্জি ট্রফীৰ সময়ত বহুকেইজন জ্যেষ্ঠ খেলুৱৈয়ে নিজ দলৰ হৈ খেলিছিল৷
উল্লেখ্য যে ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বিজয় হাজাৰে ট্রফীত অংশগ্রহণ কৰিব টীম ইণ্ডিয়াৰ জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলিৰ লগতে তাৰকা উইকেটকীপাৰ–বেটাৰ ঋষভ পণ্টে৷ অহা বর্ষৰ ১৮ জানুৱাৰীলৈকে চলিবলগীয়া প্রতিযোগিতাখনত অংশগ্রহণ কৰিব বুলি কোহলিয়ে ইতিমধ্যে দিল্লী ক্রিকেট সংস্থাক অৱগত কৰিছে৷
খবৰ অনুসৰি তেওঁ দুখন মেচ খেলিব৷ কোহলিয়ে ২০১০ চনত অন্তিম বাৰৰ বাবে বিজয় হাজাৰে ট্রফীত অংশগ্রহণ কৰিছিল৷ আনহাতে ২০১৮ চনৰ ১৭ অক্টোবৰত অন্তিমবাৰৰ বাবে অংশগ্রহণ কৰা ৰোহিত শর্মাকো বিজয় হাজাৰে ট্রফীত দেখা যাব৷
ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ