মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটাত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে । এই উপলক্ষে বৰপেটা পৌৰসভাৰ খেলপথাৰত আয়োজিত সভাত মুখ্যমন্ত্ৰীযে কয় যে ইতিমধ্যে অসমৰ আঠ লাখ মহিলা লাখপতি বাইদেউত পৰিণত হৈছে। অসমৰ মহিলাক সবলীকৰণৰ এই অভিযানৰ অংশ হিচাপে অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যখনৰ ৩২ লাখ মহিলাৰ মাজত আঁচনিখনৰ চেক বিতৰণ সম্পূৰ্ণ কৰা হ’ব ।
মুখ্যমন্ত্ৰীয়ে আজি বৰপেটা বিধানসভা সমষ্টিৰ বিশহাজাৰ ছয়গৰাকী মহিলাৰ মাজত আঁচনিখনৰ চেক বিতৰণ আৰম্ভ কৰে। প্ৰতীকী হিচাপে তেওঁ দহগৰাকী মহিলাৰ হাতত এই পুঁজিৰ চেক তুলি দিয়ে।
সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে ১২ লাখ মহিলাৰ মাজত পুঁজি বিতৰণ সম্পূৰ্ণ হৈছে। মুঠ চাৰি হাজাৰ কোটি টকা ব্যয় হ’বলগীয়া আঁচনিখনৰ সুবিধা গ্ৰহণ কৰি মহিলাসকলক নিজকে স্বাৱলম্বী কৰি তুলিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। তেওঁ কয় যে আজি আগবঢ়োৱা দহ হাজাৰ টকা সফলতাৰে ব্যয় কৰা মহিলাসকলক চৰকাৰে পৰৱৰ্তী পৰ্যায়ত ২৫ হাজাৰ টকা আৰু তাৰ পাছৰ পৰ্যায়ত ৫০ হাজাৰ টকা প্ৰদান কৰিব।
আজিৰ সভাত বৰপেটাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝা, বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী জেছমিন চুলতানা, বৰপেটা পৌৰসভাৰ সভাপতি ছবিলাল দাস, বৰপেটা নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অনিল কুমাৰ দাস, অসম পেট্ৰ’কেমিকেলছৰ স্বতন্ত্ৰ সঞ্চালক জিতু তালুকদাৰ, জিলা বিজেপিৰ সভাপতি মহেন দাসৰ লগতে কেইবা হাজাৰ লোক উপস্থিত থাকে ৷
ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ :