নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ এগৰাকী মহিলাক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড, কিন্তু কিয়?

আদালতত বিচাৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত আদালতে নাইভুঙ কুকি নামৰ মহিলাগৰাকীক দোষী সাব্যস্ত কৰি ৰায়দান ঘোষণা কৰে

গাঞ্জা সৰবৰাহৰ অপৰাধত মণিপুৰৰ এক মহিলাক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১ লাখ টকা জৰিমনা বিহিলে কাছাৰ জিলা আদালতে।

কাৰাদণ্ডপ্ৰাপ্ত মহিলাগৰাকী চুবুৰীয়া মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ নাইভুঙ কুকি। ২০২৪ চনৰ ১৯ মাৰ্চ কাছাৰৰ ফুলেৰতলৰ বৰাক নৈৰ ফেৰীঘাটৰ পৰা গাঞ্জাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহিলাগৰাকীক।

নৈ পথেৰে বুজন পৰিমাণৰ গাঞ্জা সৰবৰাহৰ সময়ত আৰক্ষীৰ জালত পৰিছিল মণিপুৰৰ মহিলাগৰাকী। এই ঘটনা লৈ আৰক্ষীৰ তদন্তৰ অন্তত আদালত আৰম্ভ হয় বিচাৰ প্ৰক্ৰিয়া।

আদালতত বিচাৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত আদালতে নাইভুঙ কুকি নামৰ মহিলাগৰাকীক দোষী সাব্যস্ত কৰি ৰায়দান ঘোষণা কৰে। আৰু মহিলাগৰাকীক NDPS আইনৰ অধীনত ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১ লাখ টকাৰ জৰিমনা বিহে আদালতে।

আদালতৰ এই ৰায়দানৰ পাছত মহিলাগৰাকীক প্ৰেৰণ কৰা হয় শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত।

ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ

You might also like