প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক আদৰণি সদৌ অসম ছাত্ৰ সন্থাৰ
অসমৰ পৰা অচিনাকি মানুহ বিতাড়িত কৰিব লাগিব। অসম চুক্তিৰ ৬নং দফাৰ আধাৰত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০ আৰু ২১ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী।
অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদৰ স্মৃতি সজীৱ কৰি ৰখাৰ মানসেৰে ৰাজ্য চৰকাৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত স্থাপন কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে ৮৬০গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক আদৰণি জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। বুধবাৰে নাহৰকটীয়াত সংবাদ মাধ্যমৰ আগত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে প্ৰধানমন্ত্ৰীৰ অসম আগমনক আদৰণি জনায়।
৮৬০ গৰাকী ব্যক্তিয়ে শ্বহীদবৰণ কৰাৰ মূলত আছিল এখন বিদেশীমুক্ত অসম গঢ়া। গতিকে ৰাজ্য চৰকাৰে যিদৰে শ্বহীদক সন্মান জনাই শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছে সমান্তৰালভাবে এখন বিদেশীমুক্ত অসম গঢ়িবলৈ দাবী উত্থাপন কৰে।
অসমৰ পৰা অচিনাকি মানুহ বিতাড়িত কৰিব লাগিব। অসম চুক্তিৰ ৬নং দফাৰ আধাৰত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনায় আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।
ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ