নিয়মীয়া বাৰ্তা, আমগুৰি, ১৮ ডিচেম্বৰ : বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতি ২০২৫ৰ উদ্যোগত আৰু আমগুৰি পৌৰসভাৰ সহযোগত আমগুৰি নগৰত নিৰ্মাণ হ’ব লগা বৰ অসম গঢ়োঁতা চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়৷
জাঁজী-আমগুৰি সংযোগী ৬২নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আমগুৰি নগৰৰ মাজমজিয়াত অৱস্থিত বৰপুখুৰীৰ সোঁমাজত নিৰ্মাণ হ’ব লগা এই প্ৰতিমূৰ্তিৰ আধাৰশিলা মাংগলিক পূজা-অৰ্চনাৰে স্হাপন কৰে তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁয়ে৷ এই উপলক্ষে আমগুৰি নগৰৰ শিশু উদ্যানত তাই আহোম মহিলা শিল্পীয়ে পৰিৱেশন কৰা ‘আই চেং লাউ’ৰে শুভাৰম্ভ হোৱা সভাত আদৰণী ভাষণ আগবঢ়ায় প্ৰতিমূৰ্তি স্হাপন সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী দিগন্ত বৰুৱাই৷
মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ময়ূৰ বৰগোহাঁয়ে ভাষণত স্বৰ্গদেউ চ্যুকাফাৰ বীৰত্ব আৰু মহানুভৱতাক স্মৰণ কৰাৰ লগতে বীৰপুৰুষজনাৰ আদৰ্শৰে নতুন প্ৰজন্মই উদ্বুদ্ধ হৈ সমাজ গঠনত ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ তাই আহোম উন্নয়ন পৰিষদৰ সদস্য বসন্ত গগৈ আৰু মহেন্দ্ৰ দিহিঙীয়ায়ো বিশিষ্ট অতিথি ৰূপে সভাত উপস্থিত থাকি ভাষণ প্ৰসংগত অসমৰ চহকী বুৰঞ্জীক ৰোমন্থন কৰে৷
সাংস্কৃতিক কৰ্মী জ্ঞান বৰুৱাই আঁত ধৰা এই সভাত শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকন, তাই আহোম উন্নয়ন পৰিষদৰ সদস্য ৰাজেন গগৈ আৰু নৃপেন গগৈ, আমগুৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়া তৃষ্ণা মিলি, পৌৰপতি অনামিকা নেওগ বৈশ্যই বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে৷ অধ্যাপক প্ৰাঞ্জল প্ৰতিম বড়াই শলাগৰ শৰাই আগবঢ়োৱা এই সভাতেই সীমান্ত মহন্ত আৰু প্ৰতিম গগৈৰ সহযোগত মাইনু কলিতাই বৰগীত পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱা হয়৷ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰমোদ শইকীয়াই প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বালন কৰে৷ উল্লেখযোগ্য যে অত্যাধুনিক কাৰুকাৰ্যৰে এই প্ৰতিমূৰ্তি নিমাৰ্ণৰ বাবে পুঁজি আগবঢ়াইছে তাই আহোম উন্নয়ন পৰিষদে৷