কামৰূপৰ নগৰবেৰাৰ পলাহৰটাৰীস্থিত আদৰ্শ বিদ্যালয় দোকুচিৰ একাদশ শ্ৰেণী (বিজ্ঞান)ৰ ছাত্ৰী আচ্ছিতা শৰ্মাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অনুষ্ঠিত হ’বলগীয়া “পৰীক্ষা পে চৰ্চা ২০২৫” কাৰ্যসূচীৰ অংশগ্ৰহণকাৰী হিচাপে নিৰ্বাচিত কৰা হৈছে।
উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ পৰা নিৰ্বাচিত প্ৰায় ২৫–৩০গৰাকী শিক্ষাৰ্থীয়ে এই গৌৰৱময় কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়া কথোপকথনৰ এক অনন্য সুযোগ লাভ কৰিব। এই কাৰ্যসূচী অহা ২১ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব। আচ্ছিতা শৰ্মাৰ এই সফলতা আদৰ্শ বিদ্যালয় দোকুচিৰ বাবে অতি গৌৰৱৰ বিষয় আৰু নিঃসন্দেহে ই বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক উৎকৰ্ষ, আত্মবিশ্বাস আৰু সৰ্বাংগীণ বিকাশৰ প্ৰতিফলন।
এই মহৎ কাৰ্যসূচী আয়োজন কৰা বাবে বিদ্যালয়ৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আদৰ্শ বিদ্যালয় সংগঠন, অসমৰ ব্যৱস্থাপনা সঞ্চালক; সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক আৰু বিদ্যালয় পৰিদৰ্শকৰ দিহা-নিৰ্দেশনা আৰু সহযোগিতাৰ বাবে শলাগ লৈছে আদৰ্শ বিদ্যালয় দোকুচিৰ অধ্যক্ষ ড° ৰমেন বায়ন সমন্বিতে বাকী শিক্ষকসকলে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৮ ডিচেম্বৰ :