ডিজিটেল ডেস্ক, ১৯ ডিচেম্বৰ : প্রাণৰ শিল্পী জুবিন গার্গক ন্যায় প্রদানৰ বাবে আঢ়ৈ মাহজোৰা তদন্তৰ অন্তত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে আদালতত অভিযোগনামা দাখিল কৰাৰ পাছত নীতিবহির্ভূতভাৱে উক্ত অভিযোগনামা সামাজিক মাধ্যমত আপলোড কৰি পুনৰ বিতর্কলৈ আহিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ৷
উল্লেখ্য যে পৰহি বিধায়ক গগৈয়ে জুবিন হত্যাকাণ্ডৰ অন্যতম ৫ অভিযুক্ত ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত আৰু সন্দীপন গার্গৰ বিৰুদ্ধে এছআইটিয়ে দাখিল কৰা অভিযোগনামাৰ কিয়দংশ সামাজিক মাধ্যমযোগে প্রচাৰ কৰিছিল৷ অকল প্রচাৰ কৰাই নহয়, বিধায়ক গগৈয়ে এছআইটিৰ তদন্ত, অভিযোগনামা সন্দর্ভত অপব্যাখ্যাও আগবঢ়াইছিল৷ কালি বিধায়ক গগৈৰ এই কাণ্ডৰ বিৰুদ্ধে এছআইটিৰ মুখ্য তদন্তকাৰী বিষয়া ড০ ৰ’জী কলিতাই অপৰাধ শাখাত এখন এজাহাৰ দাখিল কৰিছে৷
ভাৰতীয় ন্যায় সংহিতাৰ ২৩৬/২৩৮/২৪০/২২১/৩৫৩নং ধাৰাৰ অধীনত ১৩/২৫ নম্বৰত অপৰাধ শাখাই গোচৰটো ৰুজু কৰিছে৷ অভিযোগ অনুসৰি প্রত্যায়িত প্রতিলিপি নোহোৱাকৈ বিধায়ক গগৈয়ে অভিযোগনামাখন সামাজিক মাধ্যমত প্রচাৰ কৰাৰ লগতে আচামীক অভিযুক্ত কৰাৰ সলনি ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছিল বুলি বিশেষ সূত্রৰ পৰা জানিব পৰা গৈছে৷ মিছা তথ্যৰে অভিযোগনামাখন সন্দর্ভত বিধায়ক গগৈয়ে অপপ্রচাৰ আৰু অপব্যাখ্যা চলোৱা বুলি অনুভৱ কৰিয়েই অভিযোগ অপৰাধ শাখাত দাখিল কৰা হৈছে৷
ইপিনে, কালি এছআইটিৰ মুখ্য তদন্তকাৰী বিষয়া ড০ ৰ’জী কলিতাই অপৰাধ শাখাত গোচৰ দাখিল কৰাৰ পাছতে আজি গোচৰটোৰ সন্মুখীন হ’ব বুলি সামাজিক মাধ্যমযোগে সদৰী কৰিছে বিধায়ক অখিল গগৈয়ে৷