নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : টকাৰ অৱমূল্যায়ন

আমেৰিকাৰ ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রা অর্থাৎ টকাৰ অৱমূল্যায়নৰ ধাৰাবাহিকতাই অর্থনীতিবিদসকলক উদ্বিগ্ণ কৰি তুলিছে৷ সম্প্রতি এই মূল্য ইতিহাসৰ সর্বনিম্ন অৱস্থানত৷ মঙলবাৰে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ বিনিময় মূল্য ৯১.০৮ টকা৷ ৩ ডিচেম্বৰত প্রতি ডলাৰৰ মূল্যই প্রথমবাৰৰ বাবে ৯০ টকাৰ ঘৰ অতিক্রম কৰে৷ চলিত বিত্তীয় বর্ষত টকাৰ মূল্যৰ পতন ৬.৫ শতাংশ৷ বর্তমান ভাৰতীয় টকা এছিয়াৰ আটাইতকৈ দুর্বল মুদ্রাত পৰিণত হৈছে৷ এই মুদ্রামান অধিক নিম্নমুখী হোৱাৰ আশংকা পৰিলক্ষিত হৈছে৷ টকাৰ এনে অৱমূল্যায়নৰ তিনিটা কাৰণ দাঙি ধৰিছে বিশেষজ্ঞসকলে৷ প্রথম কাৰণ, আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে বাণিজ্য চুক্তিক লৈ অনিশ্চয়তা৷ ইয়াৰ ফলত ভাৰতীয় পণ্যত ৫০ শতাংশ শুল্ক আৰোপ কৰা হৈছে৷ গতিকে, উভয় দেশৰ ব্যৱসায়তে বিৰূপ প্রভাৱ পৰিছে৷ দ্বিতীয় কাৰণ, ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বৈদেশিক বিনিয়োগ আঁতৰি যোৱাৰ প্রৱণতা চলিত বছৰৰ আৰম্ভণিৰ পৰাই পৰিলক্ষিত হৈছে৷ ধাৰাবাহিক জি ডি পি বৃদ্ধি হোৱা সত্ত্বেও এই প্রৱণতা অটুট আছে৷ তৃতীয় কাৰণ, ৰিজার্ভ বেংকৰ নীতিগত পৰিৱর্তন৷ উদ্বেগজনক কথাটো হ’ল, বিদেশী বিনিয়োগকাৰীসকলে ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰা ডিচেম্বৰৰ মাহটোতে ১.৫ বিলিয়ন ডলাৰৰ বিশাল বিনিয়োগ প্রত্যাহাৰ কৰিছে৷ টকাৰ নিম্নমুখী অৱস্থানত অৱশ্যে ৰপ্তানিকাৰীসকল কিছু পৰিমাণে লাভৱান হৈছে৷ ঊর্ধ্বমুখী আমেৰিকান শুল্কৰ বাবে তেওঁলোক ক্ষতিগ্রস্ত হৈছিল যদিও টকাৰ অৱমূল্যায়নৰ ফলত তেওঁলোকে স্বস্তিৰ নিশ্বাস পেলাইছে৷ টকাৰ পতন অব্যাহত থকা বাবে ইন্ধন ব্যয় বৃদ্ধি হ’ব আৰু ইয়াৰ লগতে বাঢ়িব বৈদেশিক ঋণৰ ব্যয়৷ তদুপৰি বিমান, ইলেক্ট্রনিক্ছ আৰু অটোমোবাইল আদি ক্ষেত্রত উৎপাদন ব্যয়তো প্রভাৱ পৰিব৷ এনে পৰিস্থিতিত বিদেশ ভ্রমণ আৰু বিদেশত শিক্ষাগ্রহণৰ ব্যয়ো ক্রমাৎ বাঢ়িব৷ এই প্রসংগত ভাৰতৰ প্রধান অর্থনৈতিক উপদেষ্টা ভি আনন্দ নাগেশ্বৰনে ব্যক্ত কৰিছে যে টকাৰ পতনক লৈ তেওঁ ‘বিনিদ্র ৰজনী’ কটোৱা নাই৷ কম মুদ্রাস্ফীতি আৰু প্রত্যাশাতকৈ অধিক জি ডি পি বৃদ্ধিয়ে তেওঁক নিশ্চিন্ত কৰি ৰাখিছে৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রথমবাৰ দায়িত্ব গ্রহণৰ সময়ত টকাৰ মূল্য প্রতি ডলাৰৰ বিপৰীতে আছিল ৬১৷ প্রণিধানযোগ্য যে টকাৰ পতন মানেই কেৱল ক্ষতি নহয়, কোনো কোনো ক্ষেত্রত ই অধিক আয়ৰ সুযোগ আনি দিয়ে৷ আই টি কোম্পানীসমূহৰ অধিকসংখ্যকেই ৰপ্তানিৰ ওপৰত নির্ভৰশীল৷ এই কোম্পানীসমূহত ডলাৰত দৰমহা দিয়া হয়৷ গতিকে, টকাৰ পতনৰ ফলত তেওঁলোক লাভান্বিত হয়৷ ফার্মাচিউটিকেল উদ্যোগৰ অধিকসংখ্যকেই বিদেশলৈ ঔষধ ৰপ্তানি কৰে আৰু ডলাৰত লাভ কৰা ধন টকাৰ পৰিমাণত বৃদ্ধি পায়৷
অটোমোবাইল ৰপ্তানিকাৰী সংস্থাসমূহে বিদেশী গ্রাহকৰ পৰা ডলাৰ উপার্জন কৰাৰ ফলত অধিক লাভৰ মুখ দেখিবলৈ সক্ষম হয়৷ তেল-গেছ উৎপানকাৰীসকলেও আন্তঃৰাষ্ট্রীয় বজাৰত বিক্রী কৰা পণ্য বিনিময় মূল্য লাভ কৰে ডলাৰত৷ এইবোৰৰ বিপৰীতে আমদানি নির্ভৰশীল সংস্থাসমূহ ক্ষতিৰ সন্মুখীন হয়৷ টকাৰ অৱমূল্যায়নৰ পৰিণতিত ষ্টক মার্কেট আৰু ফৰেক্স এক্সচেঞ্জত ব্যাপক প্রভাৱ পৰিব, কিন্তু এয়া ইয়াতেই সীমাবদ্ধ নাথাকিব৷ সাধাৰণ লোকৰ জীৱনশৈলীতো ইয়াৰ বিৰূপ প্রভাৱ পৰিলক্ষিত হ’ব৷ আমি আমাৰ দৈনন্দিন জীৱনৰ ব্যৱহূত বহু পণ্যই বিদেশৰ পৰা আমদানি কৰা হয়৷ টকাৰ অৱমূল্যায়নৰ বাবে এই আমদানিকৃত পণ্যসমূহৰ বিপৰীতে পূর্বতকৈ অধিক ব্যয় বহন কৰিব লাগিব৷ ইয়াৰ অনিবার্য প্রভাৱ পৰিব বজাৰত৷ ফলত পণ্যসমূহ অধিক ব্যয়বহুল হোৱাৰ আশংকা বিদ্যমান৷ ভাৰতত ব্যৱহাৰ হোৱা ইন্ধন তেলৰ ৯০ শতাংশই বিদেশৰ পৰা অমদানি কৰা হয়৷ খাদ্য তেলৰ ৬০ শতাংশ আমদানি কৰা হয়৷ টকা দুর্বল হ’লে এই পণ্যসমূহৰ দাম বৃদ্ধি হ’ব পাৰে৷ ইয়াৰ উপৰি ইম্প’র্টেড লেপটপ, ফ্রীজ, স্মার্টফোনৰ দামো বাঢ়িব পাৰে৷ ই বিদেশত শিক্ষা গ্রহণৰ ব্যয়ো বঢ়াই তুলিব৷ ইয়াৰ উপৰি বিদেশ ভ্রমণৰ বাবেও অধিক ব্যয় কৰিব লাগিব৷ ক্ষুদ্র ব্যৱসায়ীসকলৰ ক্ষেত্রত টকাৰ পতন চিন্তাৰ কাৰণ হৈ উঠিছে৷ যিসকল ক্ষুদ্র ব্যৱসায়ীয়ে বিদেশৰ পৰা কেঁচা সামগ্রী আমদানি কৰে তেওঁলোকে পূর্বতকৈ অধিক খৰচৰ বোজা বহন কৰিব লাগিব৷ উল্লেখ্য যে যোৱা কেইটামান বছৰত ডলাৰৰ বিপৰীতে টকাৰ অৱমূল্যায়ন অব্যাহত আছে৷ ২০০৭ চনত টকাৰ মূল্য প্রতি ডলাৰৰ বিপৰীতে আছিল ৩৮ টকা৷ তাৰ পিছত ২০২২ চনত টকাৰ মূল্য ৮০ টকা হ’ল৷ অর্থনীতিবিদসকলে ধাৰণা কৰা অনুসৰি এই অৱমূল্যায়ন অধিক হোৱাৰ সম্ভাৱনা প্রবল৷ শেহতীয়া এটা জৰীপৰ মতে ৫২ শতাংশ লোকেই উচ্চ পৰিবহণৰ ব্যয় আৰু ৰন্ধনৰ বাবে প্রয়োজনীয় ইন্ধনৰ ব্যয়সহ অত্যাৱশ্যকীয় সামগ্রীৰ খৰচক লৈ চিন্তিত৷ কাৰণ, দৈনন্দিন জীৱনশৈলীত ইয়াৰ প্রত্যক্ষ প্রভাৱ অনিবার্য৷ ইয়াৰ উপৰি বিভিন্ন পণ্য আৰু সেৱাৰ বিপৰীতে অধিক ভৰণি হ’ব, স্বাস্থ্যসেৱা আৰু ঔষধৰ দাম বাঢ়িব৷ ভাৰতীয় মুদ্রাৰ ধাৰাবাহিক পতনক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে বিশ্ব বেংকৰ প্রাক্তন মুখ্য অর্থনীতিবিদ কৌশিক বসুৱে৷ তেওঁ মত প্রকাশ কৰিছে যে অবিলম্বে বিত্তীয় ব্যৱস্থা গ্রহণ নকৰিলে দেশীয় অর্থনীতি ব্যাপক ক্ষতিৰ সন্মুখীন হ’ব৷ কেন্দ্রীয় চৰকাৰক তীব্র সমালোচনা কৰিছে বিৰোধীয়ে৷ অৱশ্যে ৰিজার্ভ বেংকে বজাৰত হস্তক্ষেপ কৰি টকাৰ অত্যধিক অস্থিৰতা ৰোধ কৰিলেও সম্পূর্ণ নিয়ন্ত্রণ কৰা নাই৷ কাৰণ, নিয়ন্ত্রিত অৱমূল্যায়নে ৰপ্তানিক সহায় কৰে৷ টকাৰ এই পতন সতর্কতাৰ সংকেত কিন্তু আতংকিত হোৱাৰ কাৰণ নাই৷ কাৰণ, ভাৰতৰ অর্থনীতি শক্তিশালী৷ অৱশ্যে অনিশ্চয়তা অধিক হ’লে অর্থনীতিৰ ভিত্তি ক্ষতিগ্রস্ত হ’ব৷ ইয়াৰ বাবে চৰকাৰে অধিক সক্রিয় ভূমিকা গ্রহণ কৰাটো সময়ৰ আহ্বান৷

You might also like