নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ বাংলাদেশীক বিতাড়নৰ বাবে নিলে সীমান্ত সুৰক্ষা বাহিনীয়ে…

গোৱালপাৰা জিলাৰ মাটিয়াস্থিত ট্ৰেনজিট কেম্পৰ পৰা লৈ যোৱা হ’ল ১৪গৰাকী বাংলাদেশীক। আজি দিনৰ ১০.৩০ বজাত  এখন ট্ৰেভেলাৰেৰে সীমান্ত সুৰক্ষা বাহিনীয়ে লৈ যায় ৰাজ্যখনৰ নগাঁৱৰ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি চিনাক্ত কৰা বাংলাদেশীকেইজনক ।

উল্লেখযোগ্য যে নগাঁৱৰ বিদেশী ন্যায়াধিকৰণে ১৫গৰাকী লোকক বিদেশী বুলি চিনাক্ত কৰাৰ পিছত জিলাখনৰ আয়ুক্ত দেৱাশিস শৰ্মাই লোককেইজনক ২৪ ঘণ্টাৰ ভিতৰতে বাংলাদেশলৈ বিতাড়নৰ নিৰ্দেশ দিছিল। তাৰ পিছতে আজি ইয়াৰে ১৪গৰাকীক বিতাড়নৰ বাবে মাটিয়া ট্ৰেনজিট কেম্পৰ পৰা লৈ যোৱা হয় যদিও আনজন ক’ত আছে সেই তথ্য জানিব পৰা হোৱা নাই।

বিতাড়নৰ বাবে লৈ যোৱা লোকসকলৰ ভিতৰত ৮জন পুৰুষ আৰু ৬গৰাকী মহিলা আছে। এইসকল বাংলাদেশীক কোন পথেৰে বাংলাদেশলৈ পঠিয়াই দিয়া হ’ব, সেই তথ্য জানিব পৰা হোৱা নাই যদিও মানকাচৰৰ বাংলাদেশ সীমান্ত পথেৰে অবৈধ বাংলাদেশীকেইগৰাকীক পঠিওৱাৰ সম্ভাৱনাই অধিক বুলি জানিব পৰা গৈছে ।

নিয়মীয়া বাৰ্তা, টিপলাই, ১৯ ডিচেম্বৰ :

You might also like