উত্তৰ-পূবত আক্ৰান্তৰ সংখ্যা ২০ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ দিল্লীৰ নিজামুদ্দিন দৰগাহত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰা বহু লোক নিজ নিজ ৰাজ্যলৈ ঘূৰি যোৱাৰ পাছতে সেই ৰাজ্যসমূহত ক’ৰোনা সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰিছে ।
যোৱা ২৪ ঘণ্টাত অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবতে ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে । ইয়াৰে ভিতৰত অসমতে সৰ্বাধিক ১৬ জনকৈ লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে । ইয়াৰ বিপৰীতে মণিপুৰত ২ জন আৰু অৰুণাচলত ১ জন আৰু মিজোৰামত ১ জন লোক এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে ।
উল্লেখ্য যে এই সকলৰ ভিতৰত ১৮ জন লোকেই দিল্লীৰ মাৰ্কাজত অংশ লৈছিল বুলি পোহৰলৈ আহিছে ।
বৃহস্পতিবাৰে দিনৰ ১১ বজালৈকে দেশত মুঠ ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ২০৯৫ লৈ বৃদ্ধি পাইছে । যাৰ ভিতৰত ৫৭ জনৰ মৃত্যু ঘটিছে ।