নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডনবস্ক’ স্কুলৰ ছাত্রী ভূমিকা চৌধুৰীৰ সফলতা

দিল্লীৰ পঞ্চনীল আশ্রমৰ বিশাল মঞ্চত ভাৰতীয় দলিত সাহিত্য অকাডেমিৰ ৪১সংখ্যক ৰাষ্ট্রীয় অধিৱেশনত প্রদান কৰা হয় এই সন্মান

পাণবজাৰৰ ডনবস্ক’ স্কুলৰ একাদশ শ্রেণীৰ ছাত্রী ভূমিকা চৌধুৰীক কলাশ্রী সন্মান প্রদান কৰা হয়৷ নতুন দিল্লীৰ পঞ্চনীল আশ্রমৰ বিশাল মঞ্চত ভাৰতীয় দলিত সাহিত্য অকাডেমিৰ ৪১সংখ্যক ৰাষ্ট্রীয় অধিৱেশনত প্রদান কৰা হয় এই সন্মান৷

এই অনুষ্ঠানত ভূমিকা চৌধুৰীয়ে প্রদর্শন কৰা নৃত্যই মন্ত্রমুগ্ধ কৰে দেশ–বিদেশৰ সমৱেত জনতাক৷ পঢ়াৰ লগতে শৈশৱৰ পৰা নৃত্যতো পার্গত ভূমিকা চৌধুৰীৰ এই সফলতাই উৎফুল্লিত কৰিছে পৰিয়ালৰ লগতে ডনবস্ক’স্কুলৰ ছাত্র–ছাত্রীক৷

আনহাতে একেটা অনুষ্ঠানতে শুৱালকুছিৰ নীলমণি বৈশ্যকো পাট–মুগাৰ কাপোৰৰ বিভিন্ন ডিজাইন প্রস্তুত কৰাৰ বাবে প্রদান কৰা হয় কলাশ্রী সন্মান৷

মহানগৰ বিশেষ বার্তা, ২০ ডিচেম্বৰ

You might also like