শংকৰদেৱ কলাক্ষেত্রত সত্রীয়া নৃত্যৰ কর্মশালাৰ সফল সামৰণি
ত্রীয়া নৃত্যৰ অভিনয় ভাগৰ শিক্ষা প্রদান কৰে নৃত্যাচার্য যতীন গোস্বামীয়ে৷ অসমৰ বিভিন্ন প্রান্তৰ উপৰি সুদূৰ দিল্লীৰ পৰাও আহি প্রশিক্ষার্থীয়ে উক্ত কর্মশালাত অংশগ্রহণ কৰে
গুৱাহাটীৰ সত্রীয়া নৃত্যৰ শিক্ষানুষ্ঠান মণিৰাম দত্ত মুক্তিয়াৰ সত্রীয়া কলা কেন্দ্রৰ উদ্যোগত যোৱা ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ‘গুৰু সেৱা’ শীর্ষক সত্রীয়া নৃত্যৰ সাদিনীয়া কর্মশালাখন যোৱা ১৮ ডিচেম্বৰত সফল সামৰণি পৰে৷
শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ নীলমণি ফুকন প্রেক্ষাগৃহত অনুষ্ঠিত কর্মশালাৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকে পদ্মভূষণ সন্মানেৰে বিভূষিত নৃত্যাচার্য যতীন গোস্বামী আৰু কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ৷
সংগীত নাটক অকাডেমী বঁটাপ্রাপক পদ্মশ্রী বায়নাচার্য ঘনকান্ত বৰাৰ তত্ত্বাৱধানত অনুষ্ঠিত কর্মশালাখনত ঝুমুৰা নৃত্যৰ দুই আৰু তিনি নং ৰামদানিৰ লগতে ৰূপগঞ্জল তালত ৰজাঘৰীয়া চালি নাচৰ গীতৰ অংশৰ প্রশিক্ষণ আগবঢ়োৱা হয়৷
আনহাতে সত্রীয়া নৃত্যৰ অভিনয় ভাগৰ শিক্ষা প্রদান কৰে নৃত্যাচার্য যতীন গোস্বামীয়ে৷ অসমৰ বিভিন্ন প্রান্তৰ উপৰি সুদূৰ দিল্লীৰ পৰাও আহি প্রশিক্ষার্থীয়ে উক্ত কর্মশালাত অংশগ্রহণ কৰে৷ সত্রীয়া পৰম্পৰাৰ পুৰোধা মণিৰাম দত্ত মুক্তিয়াৰৰ সোঁৱৰণত অনুষ্ঠিত কর্মশালাৰ সামৰণী অনুষ্ঠানত প্রশিক্ষার্থীসকলে কর্মশালাত আহৰণ কৰা সত্রীয়া নৃত্যসম্ভাৰ সুন্দৰভাৱে প্রদর্শন কৰে৷
অংশগ্রহণকাৰী সমূহ প্রশিক্ষাথীক সত্রীয়া কলা কেন্দ্রৰ তৰফৰ পৰা প্রমাণ–পত্র প্রদান কৰা হয়৷ অনুষ্ঠানটোৰ আঁত ধৰে বিছমিল্লা খাঁ যুৱ পুৰস্কাৰপ্রাপ্ত সত্রীয়া নৃত্যশিল্পী অন্বেষা মহন্তই৷
মহানগৰ বার্তা, ১৯ ডিচেম্বৰ