নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ লক্ষীকান্ত নাথৰ মহানুভৱতা, নৈত মুকলি কৰিলে দুষ্প্ৰাপ্য কাছ

অসমৰ নৈ, বিল, জলাশয় আদিৰ পৰা ক্ৰমাৎ বিলুপ্ত হ’বলৈ ধৰিছে কাছ ৷ এচাম অসাধু ব্যক্তিৰ বাবে আৰু জলবায়ু পৰিৱৰ্তনে জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। বিল-জলাশয়ত থলুৱা মাছ, কাছ আদি ক্ৰমাৎ বিলুপ্তি হ’বলৈ ধৰাৰ সময়তে মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ লক্ষীকান্ত নাথ নামৰ এজন ব্যক্তিৰ মহানুভৱতাই প্ৰকৃতিপ্ৰেমীৰ মাজত এক আশাৰ সঞ্চাৰ কৰিছে ৷

জানিব পৰা মতে, মৰিগাঁৱৰ চৰাইবাহীৰ মায়েংগীয়া গাঁৱৰ লক্ষীকান্ত নাথ নামৰ এজন কৃষকে পথাৰত ধান কাটিবলৈ যাওঁতে ধাননি পথাৰৰ পৰা উদ্ধাৰ কৰে এটি দুষ্প্ৰাপ্য কাছ৷ কাছটো উদ্ধাৰ কৰি আজি চৰাইবাহীৰ সোনাই নৈত মুকলি কৰি দিয়ে তেওঁ ৷ উল্লেখ্য যে দুষ্প্ৰাপ্য হৈ পৰা কাছটোৰ বংশবৃদ্ধিৰ বাবে কৃষকজনে নৈত মুকলি কৰি মহানুভৱতাৰ পৰিচয় দিয়া বাবে সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ৷

নিয়মীয়া বাৰ্তা, বাৰপূজীয়া, ২০ ডিচেম্বৰ :

You might also like