নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনে শুনিব আইতাৰ কৰুণ কাহিনী…

এগৰাকী ১২০ বছৰীয়া আইতাৰ কৰুণ কাহিনী, জীৱনৰ অন্তিম বেলাত আইতাক লাগে এটা চৰকাৰী আৱাস গৃহ । বিটিচিৰ ওদালগুৰি জিলাৰ পূৰ্বৰ পানেৰী বিধানসভা সমষ্টি তথা নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত ৪নং ৰজাগড়ৰ নর্মদা দেৱী নামৰ এগৰাকী অশীতিপৰ বৃদ্ধাৰ কৰুণ কাহিনী শুনিলে চকু সেমেকি উঠিব।

প্ৰতিবছৰে নিৰ্বাচন আহিছে আৰু গৈছে, পৰিৱৰ্তন হৈছে নেতা-পালিনেতাৰ। পিছে পৰিৱৰ্তন নহ’ল বয়সে হাৰ মনাব নোৱাৰা নৰ্মদা দেৱী নামৰ আইতাগৰাকীৰ সপোনৰ ঘৰখন। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নেতা-পালিনেতাই ভোটভিক্ষা কৰিবলৈ গাঁৱৰ চুকে-কোণে দিনে-নিশাই একাকাৰ কৰি ফুৰে ঠিকেই, কিন্তু আজিলৈকে চকুত নপৰিল এইগৰাকী দৰিদ্ৰ ১২০ বছৰীয়া আইতাক। কেতিয়াবা এই ছকুৰি বছৰীয়া আইতাৰ কৰুণ কাহিনী ৰজাঘৰীয়াৰ জনপ্রতিনিধিসকলৰ কাণত পৰিবনে ? বিগত সময়ছোৱাত আইতাই লাভ কৰিবলৈ সক্ষম নহ’ল কোনোধৰণৰ চৰকাৰী আচঁনি।

১২০ বছৰীয়া আইতাগৰাকীৰ হেঁপাহ- জীৱনৰ অন্তিম সময়ছোৱাত লাগে চৰকাৰৰ অকণমান দয়া,-মমতা, চৰকাৰী আঁচনি অথবা এটা চৰকাৰী ঘৰ। অতি পৰিতাপৰ বিষয় যে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৩৩নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এমচিএলএ পল টপ্প’ৰ নিজৰ সমষ্টিৰ প্ৰায়ভাগ লোকে বিভিন্ন আঁচনি পাইছে যদিও আজিলৈকে কোনো নেতা-পালিনেতাৰ চকুত নপৰিল শতবর্ষ গৰকা এইগৰাকী আইতাৰ ওপৰত।

ভাৰত স্বাধীন হোৱাৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈ স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ ভোটাৰ আছিল আইতাগৰাকী। আনকি আইতাই মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুকে ধৰি কেইবাগৰাকীও মহান ব্যক্তিৰ সাক্ষাৎ লাভ কৰিছে। এতিয়াও আইতাই সুন্দৰভাৱে সুস্থ শৰীৰে কথা-বতৰা পাতি জীয়াই থাকিব বিচাৰে। পিছে এইগৰাকী আইতাই আজিলৈকে লাভ নকৰিলে কোনোধৰণৰ চৰকাৰী সুবিধা। আইতাই বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে দীর্ঘদিনে এটি জৰাজীর্ণ জুপুৰিত নিজৰ নাতি আৰু নাতিবোৱাৰীৰ পৰিয়ালৰ সৈতে বাস কৰি আহিছে ।

ইফালে, মিত্রজোঁট চৰকাৰে সমাজৰ দুখীয়া-দৰিদ্ৰৰ বাবে বহু আঁচনি আনিলে, বহুতে এই আঁচনিৰ সুবিধাও ল’লে। কিন্তু আইতাইহে আজিলৈকে নাপালে চৰকাৰী আঁচনিৰ সুবিধা। বৰ্তমান এইগৰাকী আইতাৰ সপোন- এটা নতুন ঘৰ দিব চৰকাৰে। নতুন ঘৰটোত নাতিৰ সৈতে জীৱনৰ অন্তিম সময়খিনি কটাব আইতাই।

নিয়মীয়া বাৰ্তা, ডিমাকুছি, ২০ ডিচেম্বৰ :

You might also like