ৰঙিয়াৰ আৰিয়ানে চিনাক্ত কৰা দুই গ্রহাণুলৈ নাছাৰ স্বীকৃতি
ৰঙিয়াৰ ৩নং ৱার্ডৰ বাসিন্দা মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিনৰ সুপুত্র আৰিয়ান জিছান আহমেদে আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা নাছাৰ পৰা বিৰল স্বীকৃতি লাভ কৰিছে৷ মেঘালয়ৰ ইউএছটিএমৰ বিটেক (কম্পিউটাৰ বিজ্ঞান)ৰ প্রথম ষাণ্মাসিকৰ ছাত্র আৰিয়ানে ইণ্টাৰনেচনেল এষ্ট্র’নোমিকেল ছার্চ কোলাব’ৰেচন (IASC)ৰ অধীনত দুটা নতুন গ্রহাণু আৱিষ্কাৰ কৰি বিশ্বৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷
২০২৪ চনৰ ২৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত ‘IASC’ৰ আনুষ্ঠানিক গৱেষণা অভিযানৰ সময়ত আৰিয়ানে নাছাৰ সহযোগত হাৱাই বিশ্ববিদ্যালয়ৰ ইনষ্টিটিডট ফৰ এষ্ট্র’নোমিৰ দ্বাৰা পৰিচালিত Pan-STARRS (Panoramic Survey Telescope and Rapid Response System)ৰ পৰা প্রাপ্ত পর্যবেক্ষণমূলক তথ্য বিশ্লেষণ কৰিছিল৷ এই বিশ্লেষণৰ জৰিয়তে তেওঁ পূর্বতে ৰেকর্ড নোহোৱা দুটা মেইন বেল্ট গ্রহাণু সফলতাৰে চিনাক্ত কৰিছে৷ সদ্যহতে এই দুটা গ্রহাণুক ২০২৪ ভিই আৰু ২০২৪ ভিচি ২৩ নামেৰে নামকৰণ কৰা হৈছে৷
মেইন বেল্ট গ্রহাণু হৈছে মঙল আৰু বৃহস্পতি গ্রহৰ মাজত সূর্যক প্রদক্ষিণ কৰা বৃহৎ শৈলখণ্ড৷ এই অধ্যয়নে বিজ্ঞানীসকলক সৌৰজগতৰ আৰম্ভণিৰ বিষয়ে বুজিবলৈ সহায় কৰাৰ লগতে মহাকাশত থকা বস্তুৰ দীর্ঘম্যাদী অনুসৰণ সহজ কৰি তোলে৷ আৰিয়ানৰ এই আৱিষ্কাৰে ভাৰতীয় মহাকাশ গৱেষণাত নতুন মাইলৰ খুঁটি স্থাপন কৰিছে আৰু তেওঁ পোৱা স্বীকৃতিয়ে অসমৰ যুৱপ্রজন্মক প্রেৰণা যোগাব বুলি আশা কৰা হৈছে৷ IASCৰ অধীনত আৰিয়ানে চলোৱা গ্রহাণুৰ অনুসন্ধান আৰু গৱেষণালৈ নাছাৰ এই স্বীকৃতিয়ে তেওঁৰ প্রচেষ্টাক আৰু অধিক গুৰুত্বপূর্ণ কৰি তুলিছে৷ এই সফলতাই অসমৰ শিক্ষা আৰু বিজ্ঞান ক্ষেত্রত নতুন দিগন্ত মুকলি কৰিব বুলি আশা কৰা হৈছে৷
নিয়মীয়া বার্তা, ৰঙিয়া, ২১ ডিচেম্বৰ :