বাল্য বিবাহ কৰাৰ অভিযোগত ধুবুৰীৰ এগৰাকী আঞ্চলিক পঞ্চায়ত সদস্যক জিলা আয়ুক্তই সদস্য পদৰ পৰা নিলম্বন কৰা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে, ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পঞ্চায়ত শাখাই এক আদেশযোগে ৭৪-পাটামাৰী গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত আঞ্চলিক পঞ্চায়ত সদস্য আমিৰ আলীক তাৎক্ষণিকভাৱে আঞ্চলিক পঞ্চায়ত সদস্য পদৰ পৰা অযোগ্য ঘোষণা কৰি অপসাৰণ কৰাৰ সমান্তৰালকৈ উক্ত আসনখন খালী বুলি গণ্য কৰা হোৱা বুলি নিৰ্দেশ জাৰি কৰিছে।
জানিব পৰা মতে, আলীৰ নিজা গাঁৱৰেই ৰেণুকা খাতুন নামৰ মহিলা এগৰাকীৰ অভিযোগৰ ভিত্তিত নিৰ্বাচনী বিষয়া এছ এছ গোস্বামীয়ে কৰা এক তদন্তত আমিৰ আলীয়ে বাল্য বিবাহ কৰাটো নিশ্চিত হয়। উল্লেখ্য যে অসম পঞ্চায়ত আইন, ধাৰা ১১১(২)-ত কোৱা হৈছে যে যদি কোনো ব্যক্তি নিজে বা তেওঁৰ পত্নী শিশু বিবাহ নিষেধ আইন, ২০০৬ অনুসাৰে বৈধ বিবাহ বয়স উলংঘন কৰে, তেন্তে তেওঁ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত বা গাঁও পঞ্চায়তৰ সভাপতি, উপ-সভাপতি বা সদস্য হিচাপে নিৰ্বাচিত বা পদত থাকিব নোৱাৰিব। সেয়ে জিলা আয়ুক্তই অসম পঞ্চায়ত আইন, ১৯৯৪-ৰ ধাৰা ১১১(২) আৰু অসম পঞ্চায়ত (সংবিধান) নিয়মাৱলী, ১৯৯৫-ৰ নিয়ম ৬২(৪)(খ) আৰু (গ) অনুসাৰে, ৭৪-পাটামাৰী গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত আঞ্চলিক পঞ্চায়ত সদস্য আমিৰ আলীক তাৎক্ষণিকভাৱে আঞ্চলিক পঞ্চায়ত সদস্য পদৰ পৰা অযোগ্য ঘোষণা কৰি অপসাৰণ কৰে।
ইপিনে, পৰৱৰ্তী সময়ত শিশু বিবাহ নিষেধ আইন, ২০০৬-ৰ অধীনত আলীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব নে নাই সেয়া লক্ষণীয় হ’ব।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২২ ডিচেম্বৰ :