নিয়মীয়া বাৰ্তা, চিৰাজুলি, ২২ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শিঙৰী গেটৰ পৰা দলগাঁও হৈ ওলাই যোৱা নতুন চিৰাজুলি গাঁৱৰ সমীপৰ অসম মালা পথত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰায়ে বান্দৰ, অজগৰকে আদি কৰি বহু বনৰীয়া জীৱ-জন্তু মৃত্যুমুখত পৰে। বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ (Wildlife Protection Act, 1972)ৰ অন্তৰ্গত প্ৰাণীসমূহক সুৰক্ষা প্ৰদানৰ নিমিত্তে আজি (২২ ডিচেম্বৰ) ঢেকীয়াজুলিৰ ভোটপাৰাত মিলিত হয় প্ৰকৃতিমূলক সংস্থা “সেউজ ছচাইটী’ৰ সদস্যবৃন্দ। সদস্যবৃন্দই ঢেকীয়াজুলিৰ ভোটপাৰাস্থিত ঢেকীয়াজুলি সম-জিলা কাৰ্যালয়ত উপস্থিত হৈ সমজিলা আয়ুক্ত দ্যুতিভা বৰাক বন্যপ্ৰাণীসমূহক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে শিঙৰীৰ পথত বন্যপ্ৰাণী অহা-যোৱা কৰা কৰিড’ৰসমূহত যান-বাহনৰ গতিবেগ হ্ৰাসকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।
ইতিমধ্যে ২০ ডিচেম্বৰত পৰিৱেশ সংৰক্ষণমূলক সংস্থা ”সেউজ ছচাইটী”ৰ শিঙৰী প্ৰাথমিকৰ উদ্যোগত আৰু ঢেকীয়াজুলি আঞ্চলিকৰ সহযোগত শিঙৰীৰ বন্যপ্ৰাণী অহা-যোৱা কৰা পথসমূহত জনহিতাৰ্থে আৰু পৰিৱেশ সুৰক্ষাৰ্থে বিশেষ সজাগতামূলক কাৰ্যক্ৰম অনুষ্ঠিত হৈ যায়। সেই কাৰ্যক্ৰমৰ নেতৃত্ব দিছিল শিঙৰী প্ৰাথমিকৰ সেউজ কৰ্মী নয়নমণি শৰ্মা আৰু ঢেকীয়াজুলি আঞ্চলিকৰ হৈ নেতৃত্বৰ দায়িত্ব লৈছিল সেউজ কৰ্মী ডলী দাসে। তদুপৰি অৱসৰপ্ৰাপ্ত মহকুমা পশুপালন আৰু পশু চিকিৎসা বিষয়া তথা ছচাইটীৰ উপদেষ্টা ডা: উমেশ চন্দ্ৰ দাসৰ তত্ত্বাৱধানত ঢেকীয়াজুলিৰ আঞ্চলিকৰ হৈ কাৰ্যক্ৰম পৰিচালনা কৰিছিল ক্ৰমে মনময়ূৰী দাস, শৈলভ ভট্টাচাৰ্য, ৰুৱী দেৱী আৰু বাবলু আনছাৰীয়ে।
আনহাতে, শিঙৰী শাখাৰ হৈ সমন্বয়কৰ দায়িত্ব লৈছিল জ্যেষ্ঠ পৰিৱেশ কৰ্মী যতীন শৰ্মাই। তেওঁক সহযোগ কৰে ক্ৰমে সেউজ কৰ্মী চয়নিকা বৰা, সীমা দাস, নমিতা দাস আৰু একাংশ সংবাদ কৰ্মীয়ে। উক্ত কাৰ্যক্ৰমৰ অংশ হিচাপে আজি ঢেকীয়াজুলিত সম-জিলা আয়ুক্ত দ্যুতিভা বৰাক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। পৰৱৰ্তী পৰ্যায়ত বিষয়টো সন্দৰ্ভত সেউজ ছচাইটীয়ে গড়কাপ্টানী আৰু ঢেকীয়াজুলি বন বিভাগৰ লগত এক আলোচনাত মিলিত হ’ব বুলি সংস্থাৰ তৰফৰ পৰা সংবাদ মাধ্যমক জনোৱা হৈছে।