বেষ্টছেলাৰৰ কোলাহল, নীৰৱ ক্লাছিক
প্রতিখন গ্রন্থমেলাই একে সময়তে দুটা কাহিনী উন্মোচিত কৰে৷ এটা কাহিনী কোলাহলপূর্ণ–বেষ্টছেলাৰেৰে ভৰি থকা ষ্টল, উজ্জ্বল পোষ্টাৰ, ক্রেতাৰ দীঘলীয়া শাৰী আৰু সামাজিক মাধ্যমত প্রকাশ কৰা সফলতা আৰু আনন্দৰ অলেখ ছবি৷ আনটো কাহিনী নীৰৱ– গ্রন্থ বিপণীবোৰৰ কোণত পাঠকৰ অপেক্ষাত প্রায় অৱহেলিত ৰূপত ৰৈ থকা কিছুমান কিতাপৰ৷ আজিৰ গ্রন্থমেলাবোৰ একোটা সামাজিক উৎসৱৰ দৰেই প্রতিষ্ঠিত৷ এইটো এটা ভাল লক্ষণ৷ ই প্রমাণ কৰে যে ডিজিটেল যুগতো কিতাপ এখন সম্পূর্ণ অপ্রাসংগিক হোৱা নাই৷ কিন্তু এই উৎসৱমুখৰ পৰিৱেশৰ মাজতেই এটা অস্বস্তিকৰ প্রশ্ণ উত্থাপন হয়– আমি কিতাপ পঢ়িছোঁ নে কেৱল কিতাপ ক্রয় কৰিছোঁ? গ্রন্থমেলাৰ মুখ্য স্থানবোৰ অধিকাংশ ক্ষেত্রতেই দখল কৰে তৎক্ষণাত বিক্রী হোৱা কিতাপে৷ এই কিতাপবোৰ সহজপাঠ্য, পৰিচিত বিষয়বস্তুৰে ভৰা, আকর্ষণীয় আৰু বাণিজ্যিকভাৱে সুচিন্তিত৷ জনপ্রিয় হোৱাটো কোনোধৰণৰ অপৰাধ বা দোষযুক্ত বিশেষত্ব নহয়, নিশ্চিতভাৱে ই এক ধৰণৰ সফলতা৷ কিন্তু যেতিয়া জনপ্রিয়তাই সাহিত্যিক মূল্যৰ একমাত্র মাপকাঠী হৈ উঠে, অথবা তেনে কিতাপক সাহিত্যৰ উদাহৰণ হিচাপে প্রতিষ্ঠা কৰিব বিচৰা হয়, তেতিয়াই সমস্যাৰ আৰম্ভণি হয়৷ এই বেষ্টছেলাৰ ষ্টলবোৰৰ বিপৰীতেও থাকে কিছুমান ‘নীৰৱ ক্লাছিক’, যিবোৰ কিতাপে পাঠকক চিঞৰি চিঞৰি আহ্বান নকৰে, কিন্তু পাঠকৰ ভিতৰভাগ গভীৰভাৱে আলোড়িত কৰি তোলে৷ উদাহৰণস্বৰূপে, ‘সেউজী পাতৰ কাহিনী’ বা ‘জংগম’ৰ দৰে অসমীয়া উপন্যাসসমূহে পাঠকৰ সময়, ধৈর্য আৰু সংবেদনশীলতাৰ দাবী কৰে৷ কবিতাৰ ক্ষেত্রত ‘মোৰ আৰু পৃথিৱীৰ’ দৰে সংকলন গ্রন্থমেলাত থাকে, কিন্তু সেই কিতাপবোৰক কেন্দ্র কৰি কোনো ভিৰ নাথাকে৷ বিশ্ব সাহিত্যৰ ক্ষেত্রতো একেই দৃশ্য৷ ‘ক্রাইম এণ্ড পানিছমেণ্ট’ বা ‘ৱান হাণ্ড্রেড ইয়েৰছ অৱ ছলিটিউড’ৰ দৰে কিতাপে আজিও পাঠকৰ চিন্তা জগতত নতুন খোৰাক যোগায়, কিন্তু এনে কিতাপবোৰ গ্রন্থমেলাত প্রায়েই পিছফালেই সীমাবদ্ধ হৈ থাকে৷ এই কিতাপবোৰে পাঠকক তাৎক্ষণিক আনন্দ নিদিয়ে, বৰং দিয়ে অস্বস্তি, প্রশ্ণৰ মুখামুখি কৰি তোলে, মানুহৰ ভিতৰৰ দ্বন্দ্ব, ভয়, একাকিত্ব আৰু নৈতিক সংকটৰ মুখামুখি কৰায়৷ এই কিতাপবোৰ পঢ়িবলৈ ধৈর্য লাগে, কিন্তু এবাৰ পঢ়িলে এই কিতাপবোৰে পাঠকৰ চিন্তাজগত সলনি কৰি দিয়ে৷ এনে কিতাপে কেৱল এটা কাহিনী নকয়, সময়, ইতিহাস আৰু স্মৃতিৰে মানুহৰ অস্তিত্বক পুনৰ সংজ্ঞায়িত কৰে৷ তথাপি এনে কিতাপবোৰে গ্রন্থমেলাত পাঠকৰ হাতত শোভাবর্ধন নকৰে৷ এইবোৰ পঢ়িবলৈ আজিৰ বহু পাঠকৰ সময় নাই, ধৈর্য নাই৷ এই নীৰৱতা আচলতে কিতাপবোৰৰ নহয়, ই পাঠকৰ পাঠাভ্যাসৰ নীৰৱতা৷
এই অৱস্থা হঠাতেই হোৱা নাই, ই এক ধাৰাৰ অংগ৷ আজিৰ প্রকাশন জগতখন বজাৰৰ নিয়মত চলিবলৈ বাধ্য৷ সহজে বিক্রী কৰিব পৰা সামগ্রীকেই আগস্থান দিয়া হয়৷ যাৰ প্রচাৰ শক্তিশালী, সেইটোৱেই দৃশ্যমান হৈ উঠে৷ ইয়াৰ লগতে যোগ হয় লেখকজনৰ সামাজিক অৱস্থান বা প্রতিপত্তি৷ ফলস্বৰূপে, সাহিত্যিক গুণ আৰু বাণিজ্যিক সফলতাৰ মাজত এক অসন্তুলনৰ সৃষ্টি হয়৷ ইয়াতে এটা গুৰুত্বপূর্ণ প্রশ্ণৰ জন্ম হয়– আজিৰ সময়ত সাহিত্যৰ মূল্য কোনে নির্ধাৰণ কৰে? বজাৰে নে সাহিত্যৰ গুণে? ইতিহাসে দেখুৱাইছে যে বহু মহান সাহিত্য–কৃতি প্রকাশৰ সময়ত সেইবোৰ বাণিজ্যিকভাৱে সফল হোৱা নাছিল, বহু ক্ষেত্রত পাঠকৰ দৃষ্টিৰ বাহিৰত ৰৈ গৈছিল৷ কিন্তু সেই কিতাপবোৰ জীয়াই আছিল মানুহৰ অভিজ্ঞতা, যন্ত্রণা আৰু আশা গভীৰভাৱে ধৰি ৰাখিব পৰা গুণৰ বাবে৷ বজাৰে সকলো সময়তে এই গভীৰতা চিনাক্ত কৰিব নোৱাৰে৷ অসমীয়া সাহিত্যৰ পৰম্পৰাত কবিতা, গহীন গদ্য আৰু চিন্তাশীল সাহিত্যই এক মর্যাদা অধিকাৰ কৰি আছিল৷ পঢ়াটো অকল বিনোদন নহৈ এক সাংস্কৃতিক দায়িত্ব আছিল৷ বহুতে প্রশ্ণ কৰে– আজিৰ পাঠকক গহীন সাহিত্যৰ পৰা সহজ পাঠৰ পিনে আগবঢ়াই নিয়া হৈছে নেকি? এইটো প্রশ্ণ জনপ্রিয় সাহিত্যৰ বিৰুদ্ধে অভিযোগ নহয়৷ সকলো ধৰণৰ পঠনৰে নিজা ঠাই আছে৷ কিন্তু এখন সাহিত্যিক সমাজ কেৱল জনপ্রিয়তাৰে টিকি থাকিব নোৱাৰে৷ তাত বৈচিত্র্য, ধৈর্য আৰু গভীৰ চিন্তাৰ পৰিসৰো লাগে৷ গ্রন্থমেলা কেৱল ক্রয়–বিক্রয়ৰ ঠাই নহয়৷ সমাজে কেনেকুৱা মূল্যবোধ সংৰক্ষণ কৰিব বিচাৰে, গ্রন্থমেলাত তাৰেই প্রতিফলন ঘটে৷ গ্রন্থমেলাই কেৱল বিক্রীৰ কোলাহলকেই গঢ়ি তুলিলে ইয়াৰ সাংস্কৃতিক অর্থ হ্রাস পাব৷ কিন্তু যদি কোলাহলৰ মাজতে নীৰৱ কণ্ঠবোৰৰ বাবে সঠিক ঠাই উলিয়াব পৰা যায়, তেন্তে ই সঁচাকৈয়ে সাহিত্যৰ উৎসৱ হৈ থাকিব৷