নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোচৰ ৰুজুৰ পাচতেই পলায়ন নিজামুদ্দিন মাৰ্কাজৰ মুৰব্বীৰ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতে দেশব্যাপী বৃদ্ধি কৰিলে ক’ৰোনা ভাইৰাছ আক্ৰান্তৰ সংখ্যা । ২১ দিনীয়া লকডাউনেৰে প্ৰাণঘাতী ক’ভিড – ১৯ ৰ শৃংখল ভংগ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কঠোৰ সিদ্ধান্তক নস্যাৎ কৰি তবলিগী জামাতে ধৰ্মীয় সমাৱেশেৰে দেশব্যাপী ভাইৰাছক ভয়াৱহ সামাজিক সংক্ৰমণৰ দিশে আগবঢ়াই নিলে । দেশৰ জনসাধাৰণলৈ বিপদ নমাই অনা তবলিগী জামাত সন্দৰ্ভত বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে অতি স্পষ্টভাৱে এনেদৰে মন্তব্য কৰে । দেশৰ বাকী থকা ৭ ৰাজ্যৰ ভিতৰত মঙলবাৰৰ পৰা বুধবাৰলৈকে অসমত তবলিগী জামাতত অংশ লোৱা ১৬ জনৰ দেহত ক’ৰোনা নিশ্চিত হোৱাৰ লগতে ইতিপূৰ্বে ক’ৰোনাত আক্ৰান্ত প্ৰতিখন ৰাজ্যত মাৰ্কাজত অংশগ্ৰহণকাৰী লোকৰ দেহত ক’ভিড – ১৯ নিশ্চিত হৈছে । অৰ্থাৎ নিজামুদ্দিন মাৰ্কাজে ক’ৰোনা বোমা হিচাপে দেশলৈ বিপদ মাতি আনিলে ।

মঙলবাৰে নিজামুদ্দিন মাৰ্কাজৰ মুৰব্বী মৌলানা শ্বাদ, ড০ জিচান, মুফতি শ্বেজাদ, এম ছাইকি, ইউনিছ, মহম্মদ ছলমান আৰু মহম্মদ আশ্ৰফৰ বিৰুদ্ধে দিল্লীৰ অপৰাধ শাখাই মহামাৰী আইন ভংগৰ অপৰাধত গোচৰ ৰুজু কৰাৰ পিছতেই মাৰ্কাজৰ মুৰব্বী মৌলানা শ্বাদ সন্ধানহীন হৈছে । ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা মতে , ২৮ মাৰ্চত দিল্লী আৰক্ষীয়ে মৌলানা শ্বাদক জাননী জাৰি কৰাৰ পিছতেই মুৰব্বী শ্বাদ সন্ধানহীন হৈ আছে । গুৰুত্বপূৰ্ণ যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনা মৰ্মে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে নিজাীমুদ্দিন মাৰ্কাজৰ মুৰব্বী মৌলানা শ্বাদক যোৱা ২৮,২৯ মাৰ্চৰ পুৱতি নিশা ২ বজাত সাক্ষাৎ কৰি বাংলেৱালী মছজিদ খালী কৰিবলৈ মান্তি কৰাইছিল । বৈঠকৰ পাচতে মন্দিৰ খালী কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া পালন কৰা নাছিল শ্বাদে ।

You might also like