নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ ফেচবুকত দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীক অশ্লীল গালি গালাজ কৰি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ আপলোড কৰাৰ অপৰাধত আৰক্ষীয়ে ধুবুৰীৰ যুৱক এজনক গ্ৰেপ্তাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত কালাহাট গৰিয়াভোটিৰ এজন যুৱকে ফেচবুকত ক’ৰোনা ভাইৰাছৰ সম্ভাৱ্য প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰচেষ্টাক উপলুঙা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
আৰু অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গালি-গালাজ কৰি ধুবুৰীৰ সদৰ থানাৰ অন্তৰ্গত কালাহাট গৰিয়াভেটি গাঁৱৰ ছাইনুল হক(২৬) নামৰ যুৱক এজনে আপলোড কৰাৰ বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পিছত আৰক্ষীয়ে ২৪০/২০২০ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি যোৱা নিশাই যুৱকজনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।