নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰিপ্রত্যাশীলৈ সুখবৰ : ৯ জানুৱাৰীত ADREৰ চতুর্থবর্গৰ নিযুক্তি

স্বচ্ছতাৰে নিযুক্তি প্রক্রিয়া অব্যাহত ৰখা ৰাজ্য চৰকাৰে বর্তমানলৈ ১ লাখ ৪৫ হাজাৰ যুৱক–যুৱতীক নিযুক্তি প্রদান কৰিলে৷  পুনৰ চাহ জনগোষ্ঠীৰ ২১৫গৰাকী প্রার্থীক স্বাস্থ্য বিভাগত নিযুক্তি–পত্র প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা– অহা ১০ জানুৱাৰীত এডিআৰইৰ তৃতীয়বর্গৰ চাকৰিত নিযুক্তি প্রদান কৰা হ’ব৷

আনহাতে ৯ জানুৱাৰীত এডিআৰইৰ চতুর্থবর্গত নিযুক্তি প্রদান কৰা হ’ব৷ ইয়াৰ পৰৱর্তী সময়ত আন বিভিন্ন বিভাগৰ যেনে– কৃষি, লোকনির্মাণ, জলসিঞ্চন আদি বিভাগৰ বাছনি হৈ থকা প্রার্থীসকলক একেলগে জানুৱাৰী মাহৰ ভিতৰতে নিযুক্তি–পত্র প্রদান কৰা হ’ব৷ ফেব্রুৱাৰী মাহতো সর্বশিক্ষা অভিযানৰ প্রায় ৪ হাজাৰ শিক্ষকক চৰকাৰীকৰণ কৰা হ’ব আৰু আন কেইবাটাও বিভাগত নিযুক্তি প্রদান কৰা হ’ব৷

ইফালে ৰাজ্য চৰকাৰে অতিশীঘ্রে প্রথম আৰু দ্বিতীয়বর্গৰ নিযুক্তিত চাহ জনগোষ্ঠী, আদিবাসীৰ বাবে তিনি শতাংশ আসন সংৰক্ষণ মুকলি কৰিব বুলিও আজি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷ তেওঁ কয়– জানুৱাৰী মাহৰ ভিতৰতে চৰকাৰে তৃতীয় আৰু চতুর্থবর্গৰ তিনি শতাংশ যি সংৰক্ষণৰ ব্যৱস্থা আছে, সেয়া প্রথম আৰু দ্বিতীয়বর্গলৈ উন্নীতকৰণ কৰা হ’ব৷

ইফালে অৰুণোদয় হিতাধিকাৰীক নতুন বর্ষত এক উপহাৰ প্রদান কৰিব বুলি জানিবলৈ দি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ১ জানুৱাৰীৰ পৰা ৰাইজে ১০০ টকাতে দাইল, চেনি আৰু নিমখ লাভ কৰিব৷ তদুপৰি জানুৱাৰী মাহৰ পৰাই ছাত্রসকলৰ অধ্যয়নৰ বাবেও নিযুত মইনা আঁচনিৰ দৰে এক আঁচনি হাতত লোৱা হ’ব৷

ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ

You might also like