নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰণ্যক শইকীয়া কাৰ্বি আংলঙৰ নতুন জিলা আয়ুক্ত

ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল ঘটিছে। সেই অনুসৰি আৰণ্যক শইকীয়াক কাৰ্বি আংলঙৰ নতুন জিলা আয়ুক্তৰূপে বদলি কৰা হৈছে।

অসমৰ ৰাজ্যপালে এক নিৰ্দেশযোগে ৰাজ্য প্ৰশাসনত ব্যাপক বদলিৰ নিৰ্দেশ দিছে। সেই অনুসৰি ১৪খন জিলাৰ জিলা আয়ুক্ত সালসলনি কৰিছে।

সেই অনুসৰি, কাৰ্বি আংলং জিলাৰ নতুন জিলা আয়ুক্ত হিচাপে আৰণ্যক শইকীয়া দায়িত্ব দিয়া হৈছে।

উল্লেখ্য যে আৰণ্যক শইকীয়াই জনতা ভৱনত মুখ্য সচিবৰ ষ্টাফ অফিচাৰ হিচাপে কৰ্মৰত আছিল।

ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ

You might also like