অসম সাহিত্য সভাৰ এটি অন্যতম শক্তিশালী শাখা বিহগুৰি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা সাহিত্য সভা (শতদল শাখা)ৰ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি দিনজোৰা কাৰ্যসূচীৰে ২৫ ডিচেম্বৰত বিহগুৰি বালিকা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হৈ যায়।
কাৰ্যসূচী অনুসৰি, পুৱা ৯ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখাৰ সভাপতি পূৰ্ণকান্ত নাথে। কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু বিশ্ববিশ্ৰুত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, শিক্ষাবিদ জিতেন্দ্ৰ কুমাৰ শইকীয়াই। তাৰ পাছতেই প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়। সম্পাদক বাবলু কলিতাই আঁত ধৰা প্ৰতিনিধি সভাখন উদ্বোধন কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি, লেখক-গল্পকাৰ প্ৰবীণ কটকীয়ে। প্ৰতিনিধি সভাত শাখাটোৰ অন্তৰ্গত প্ৰতিনিধিবৰ্গৰ উপস্থিতিত সভাখন সফলতাৰে সম্পন্ন হয়।
পুৰণি সমিতিয়ে পদত্যাগ কৰাৰ পাছতেই পৰ্যবেক্ষক হিচাপে উপস্থিত থকা শোণিতপুৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক চাহিন আহমেদৰ পৰ্যবেক্ষণত শাখাৰ নতুন সমিতিখন গঠন হয়। ভাৰত দাস সভাপতি আৰু তুষ্ট কুমাৰ নাথ সম্পাদক হিচাপে নিৰ্বাচিত হয়। বিয়লি ১ বজাত মঞ্জু দেৱী আৰু ভাস্কৰ মৌনসৰ তত্ত্বাৱধানত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ সমৱেত গীত পৰিৱেশনেৰে অনুষ্ঠিত হয় মূল সভা।
নৱনিৰ্বাচিত সভাপতি ভাৰত দাসৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাখনিৰ আঁত ধৰে সম্পাদক বাবলু কলিতাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য বাসুদেৱ শৰ্মা, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিদ্যাধৰ বৰা, বাঁহবাৰী শাখা সাহিত্য সভাৰ সভাপতি, কবি ললিত কুমাৰ বসুমতাৰী, লেখিকা মধুমিতা দেৱী দাস। শাখাৰ পত্ৰিকা সম্পাদক ফাৰহান জাৱেদৰ সম্পাদনাত প্ৰকাশিত শাখা সভাৰ পত্ৰিকা ‘’মুখপত্ৰ’’ উন্মোচন হয়। উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়, শ্বিলঙৰ অধ্যাপক-লেখক ড০ পৰাগ নাথে। সভাপতিৰ মন্তব্যৰ পাছতেই জাতীয় সংগীত পৰিৱেশনেৰে দ্বি-বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী সমাপ্ত হয়। শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনত উপস্থিত অতিথি আৰু ৰাইজৰ শলাগ লয় সম্পাদক বাবলু কলিতাই।
নিয়মীয়া বাৰ্তা, ঠেলামৰা, ২৬ ডিচেম্বৰ :