নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত বিমান বাতিল

আজি পুৱা ৯.১৫ বজাত ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে উৰণ কৰিবলগীয়া Indigo 6E 467 নম্বৰৰ বিমানখন বাতিল কৰা হয়৷ ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত গুৱাহাটী বিমানবন্দৰত একাধিক বিমান অৱতৰণ কৰিব পৰা নাছিল।

সেয়ে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ পৰা পুৱা উৰণ কৰিব লগা ডিব্ৰুগড়–গুৱাহাটী বিমানখন উৰণ পিছুৱাই দিব লগা হয়। যাত্রীসকলক ইতিমধ্যে বিমানত উঠোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত পুনৰ বিমানৰ পৰা নমাই দিয়া হয়৷

উক্ত বিমানখনত মন্ত্ৰী ৰূপেশ গোৱালা, প্ৰশান্ত ফুকনৰ লগতে বিধায়ক বলীন চেতিয়া, ভূৱন পেগু, তেৰছ গোৱালা আৰু তৰংগ গগৈ আছিল। বিমানখন পুনৰ দুপৰীয়া ১২ বজাত মোহনবাৰী বিমানবন্দৰৰ পৰা গুৱাহাটী অভিমুখে উৰণৰ বাবে সাজু কৰা হয়।

নিয়মীয়া বার্তা, লাহোৱাল, ২৬ ডিচেম্বৰ

You might also like