আগমনিৰ নিয়মীয়া বাৰ্তাৰ সাংবাদিক শ্যামল ৰায়ৰ স্মৃতিত স্মৰণিকা উন্মোচন
ধুবুৰী জিলাৰ আগমনিৰ “নিয়মীয়া বাৰ্তা”ৰ জ্যেষ্ঠ সাংবাদিক শ্যামল ৰায়ৰ পাৰলৌকিক ক্ৰিয়াৰ মৎস্যস্পৰ্শৰ দিনটোত প্ৰয়াত সাংবাদিকগৰাকীৰ স্মৃতিত এখন স্মৰণিকা উদ্বোধন কৰা হয়া। প্ৰয়াত সাংবাদিকগৰাকীৰ ধুবুৰী জিলাৰ আগমনি উন্নয়ণ খণ্ডৰ অন্তৰ্গত বৰমেৰা গাঁৱৰ নিজ বাসভৱন অশ্ৰুসিক্ত নয়নেৰে কোচ ৰাজবংশী সাহিত্য সভাৰ ধুবুৰী জিলাৰ সাধাৰণ সম্পাদক ডালিম কুমাৰ ৰায়ৰ সম্পাদনাত প্ৰকাশিত হোৱা সেই স্মৰণিকাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে তেওঁৰ সহধৰ্মিনী দুলুমণি দাসে।
উদ্বোধনী কাৰ্য্যসূচীত কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল চন্দ্ৰ বৰ্মন, সম্পাদক পিনাকী ৰায় , ধুবুৰী পৌৰসভাৰ উপ-সভানেত্ৰী আইভি লতা ৰায়, কোচ ৰাজবংশী সাহিত্য সভাৰ সাংগঠনিক সম্পাদক আলোকেশ চন্দ্ৰ ৰায় প্ৰমুখ্যে স্থানীয় সাংবাদিক আৰু বহু মান্যগণ্য ব্যক্তি উপস্থিত আছিল।
স্মৰ্তব্য যে ১২ ডিচেম্বৰত পশ্চিমবংগৰ কোচবিহাৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত অকাল মৃত্যুক সাৱটিছিল জ্যেষ্ঠ সাংবাদিক শ্যামল কুমাৰ ৰায়ে। মাথোঁ ৪৯ বছৰ বয়সত অকাল মৃত্যুক সাৱটা ৰায়ে মৃত্যুৰ সময়ত পত্নী দুলুমণি দাস আৰু গোৱালপাৰা সৈনিক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ১৩ বছৰীয়া পুত্ৰ মানস ৰায়ক এৰি যায়।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ ডিচেম্বৰ