নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰফাবৃত কাশ্মীৰত অনুপ্রৱেশ ৩০ পাকিস্তানী সন্ত্রাসবাদীৰ

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : কাশ্মীৰ উপত্যকাত বিচৰণ কৰিছে কমেও ৩০জন পাকিস্তানী সন্ত্রাসবাদীয়ে৷ প্রবল শীতৰ সুযোগ লৈ তেওঁলোকে উপত্যকাটোত ধ্বংসলীলা সংঘটিত কৰাৰ পাং পাতিছে৷ চোৰাংচোৱাৰ ফালৰ পৰা এই খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ অপাৰেচন আৰম্ভ কৰিছে ভাৰতীয় সেনাই৷

সাধাৰণতে শীতকালত যিবোৰ এলেকাত আপেক্ষিকভাৱে কম নজৰ ৰখা হয়, সেইবোৰ ঠাইতো এইবাৰ ব্যাপক তালাচী চলোৱা হৈছে৷ অঞ্চলটোৰ তাপমাত্রা হিমাংকৰ তললৈ নামি গ’লেও সন্ত্রাসবাদীসকলৰ ওপৰত কঢ়া নজৰ ৰাখিছে যৌথ নিৰাপত্তা বাহিনীয়ে৷ শীত অহাৰ পূর্বে সাধাৰণ সীমান্ত এলেকাত তৎপৰতা বৃদ্ধি কৰে সেনা বাহিনীয়ে৷ কাৰণ শীত নামি অহাৰ আগে আগে বিপুলসংখ্যক সন্ত্রাসবাদীক ভাৰতলৈ পঠিওৱাৰ চেষ্টা কৰে চুবুৰীয়া দেশখনে৷ শীত অহাৰ পিছত বৰফে ঢকা সীমান্ত পাৰ হৈ কাশ্মীৰত প্রৱেশ কৰা কঠিন হৈ পৰে৷

কিন্তু চোৰাংচোৱা সূত্রৰ খবৰ মতে, এই বছৰ শীতকালতে ৩০জনৰো অধিক পাকিস্তানী সন্ত্রাসবাদীৰ উপস্থিতি ধৰা পৰিছে ভূ–স্বর্গত৷ মূলতঃ মধ্যমীয়া আৰু ওখ পাহাৰীয়া এলেকাত তেওঁলোকে ঘাটি পাতিছে, য’ত সাধাৰণ নাগৰিকৰ বসবাস তেনেই পাতলীয়া৷ চোৰাংচোৱাৰ অনুমান মতে, প্রবল শীতত নজৰদাৰী কম হোৱাৰ সুযোগ লৈয়েই সন্ত্রাসবাদীয়ে নিজৰ কাম–কাজ আগুৱাই নিয়াৰ চেষ্টা চলাইছে৷ ৪০ দিনব্যাপী চলা ‘ছিল্লাই কালান’ৰ সময়ছোৱাত আত্মগোপন কৰি ৰণকৌশল তৈয়াৰ কৰিবলৈ চেষ্টা চলাইছে সন্ত্রাসবাদীহঁতে৷ সেইবাবেই ক্ষিপ্রগতিত উপত্যকাটোত আৰম্ভ কৰা হৈছে সন্ত্রাসবাদী দমন অভিযান৷

সেনাৰ উপৰি জম্মু–কাশ্মীৰ আৰক্ষী, চিআৰপিএফ, বন দপ্তৰসহ আৰু কেইবাটাও বাহিনীয়ে একেলগে যোগ দিছে এই অপাৰেচনত৷ সন্ত্রাসবাদীৰ গতি–বিধিলৈ লক্ষ্য কৰি যিমান সম্ভৱ দ্রুতভাৱে অপাৰেচন আৰম্ভ কৰিবলৈ ওলাইছে এই বাহিনীয়ে৷ এই অপাৰেচনত মোতায়েন কৰা হৈছে শীতৰ বাবে বিশেষভাৱে প্রশিক্ষিত ইউনিট৷

You might also like