জন্মদাত্ৰী মাতৃক নৃশংস হত্যা কন্যাৰ! নাগড়াত ব্যাপক চাঞ্চল্য
শ্ৰীভূমি জিলাৰ বাজাৰীছড়া থানাৰ নাগড়া অঞ্চলত এক হৃদয়বিদাৰক ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী কন্যাই দাৰে ঘপিয়াই নিজৰ জন্মদাত্ৰী মাতৃক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে।
জনা মতে, প্ৰায় দুবছৰ পূৰ্বে পৰিয়ালৰ পিতৃ ছফিকুৰ ৰহমানৰ মৃত্যু হৈছিল। তাৰ পিছত ৰুপি বিবি আৰু একমাত্ৰ কন্যা মুন্নি বেগমে একেলগে বসবাস কৰিছিল। কন্যাৰ অস্বাভাৱিক আচৰণৰ বাবে ৰুপি বিবিয়ে কিছুদিন আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছিল যদিও মাতৃসুলভ চিন্তাত পুনৰ ঘৰলৈ ঘূৰি আহিছিল।
কোনোবাৰ মতে কন্যা আছিল মানসিকভাৱে অসুস্থ। ফলতে শুকুৰবাৰৰ পৰা দুদিন ধৰি ৰুপি বিবিক দেখা নাপাই সন্দেহ হোৱাত দেওবাৰে চুবুৰীয়াসকলে ঘৰত প্ৰৱেশ কৰি তীব্ৰ দুৰ্গন্ধ আৰু অস্বাভাৱিক পৰিস্থিতি লক্ষ্য কৰে।
পিছত তেজৰে লুতুৰি পুতুৰি অৱস্থাত ৰুপি বিবিৰ মৃতদেহ দেখিবলৈ পায়। তৎক্ষণাৎ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘৰৰ ভিতৰত ৰুপি বিবিৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰে।
প্ৰাথমিক তদন্ত অনুসৰি, শুকুৰবাৰে মুন্নি বেগমে দাৰে ঘপিয়াই মাতৃৰ ডিঙি দ্বিখণ্ডিত কৰিছিল, যাৰ ফলত ঘটনাস্থলীতে মৃত্যু ঘটে। পিছে আৰক্ষীয়ে অভিযুক্ত কন্যাক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰি হত্যাৰ সম্পূৰ্ণ তথ্য পোহৰলৈ অনাৰ চেষ্টা চলাই আছে। এই ঘটনাই নাগড়া অঞ্চলত গভীৰ শোক আৰু আতংকৰ পৰিবেশ সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ২৯ ডিচেম্বৰ