নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গ্ৰন্থমেলাৰ বাকৰিত ‘স্বাস্থ্যৰক্ষাৰ হাতপুথি’ উন্মোচন

ডিজিটেল ডেস্ক, ২৯ ডিচেম্বৰ : দেওবাৰে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিত ডাঃ নিতুল বৈশ্য আৰু ডাঃ দুলুমণি কলিতাৰ দ্বিতীয়খন গ্ৰন্থ “স্বাস্থ্যৰক্ষাৰ হাতপুথি” উন্মোচন কৰা হয়। পাঞ্চজন্য প্ৰকাশনৰ বিপণী নং ১৪০ত এই গ্ৰন্থখনৰ উন্মোচনী সভাত উপস্থিত থাকে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ স্বাস্থবৃত্ত আৰু যোগ বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডাঃ অনিল কুমাৰ শৰ্মা, গুৱাহাটীৰ সোণাপুৰস্থিত ইনষ্টিটিউট অৱ ইউৰ’লোজী এণ্ড কিডনী ডিজিজেজ চমুকৈ আই ইউ কে ডি অৰ্থাৎ কিডনী হাস্পতালৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰ’লোজী বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় সংস্কৃত বিভাগৰ সহযোগী অধ্যাপক ড° ইন্দ্ৰাণী ডেকা, প্ৰকাশ আলোচনীৰ উপ-সম্পাদক অৰ্চনা শইকীয়া, বিশিষ্ট ব্যংগ লেখক অশোক কুমাৰ নাথ আৰু অসম চৰকাৰৰ সহকাৰী নিয়োগ বিষয়া মনোজ দত্ত।

You might also like